ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাহুল গান্ধীয়ে অপাৰেচন সিন্দূৰ, সেনাবাহিনী তথা দেশক অপমান কৰিছেঃ সাংসদ সম্বিত পাত্ৰ

বিজেপিয়ে লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীক অপাৰেচন সিন্দূৰৰ অৱমূল্যায়ন কৰা বুলি অভিযোগ কৰি ইয়াৰ সমালোচনা কৰিছে। বিজেপিৰ সাংসদ সম্বিত পাত্ৰই এই অভিযোগ কৰি কয়, যে ৰাহুল গান্ধীয়ে অপাৰেচন সিন্দূৰ, সেনাবাহিনী তথা দেশক অপমান কৰিছে। কালি ভূপালত এটা অনুষ্ঠানৰ সময়ত কংগ্ৰেছ সাংসদগৰাকীৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীপাত্রই কয়, যে কোনো সভ্য ৰাজনীতিক, বিৰোধী পক্ষৰ নেতা অথবা ৰাজনৈতিক নেতাৰ ক্ষেত্ৰত এনে মন্তব্যই শোভা নাপায়। তেওঁ কয়, যে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতে পাৰমাণৱিক শক্তিসম্পন্ন এখন দেশত প্ৰৱেশ কৰি নটাকৈ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰাৰ লগতে শতাধিক সন্ত্ৰাসবাদী নির্মূল কৰে। এই সংঘৰ্ষত পাকিস্তানৰ ১১টা বিমানঘাটি ধ্বংস হয় আৰু এই সকলোবোৰৰ প্ৰমাণ সহকাৰে তথ্য আছে। শ্রীপাত্রই লগতে ভাৰতে কেতিয়াও সন্ত্ৰাসবাদৰ সন্মুখত আত্মসমৰ্পণ কৰা নাই বুলি উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক