ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কইনাধৰা ৰাজ্যিক অতিথিশালাত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

● অসমত ৰাজ্যসভাৰ দুখনকৈ আসন খালী হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীৰ কইনাধৰা ৰাজ্যিক অতিথিশালাত কালি ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, প্রভাৰী হৰিশ দ্বিবেদীকে ধৰি নির্বাচনী সমিতিৰ অন্যান্য সদস্যসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত এই আসন দুখন সন্দৰ্ভত আলোচনা কৰা হয় ৷ আলোচনাৰ অন্তত ৰাজ্যিক সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্য সভাৰ দুয়োখন আসনৰ বাবে ১০ গৰাকী প্ৰাৰ্থীয়ে আবেদন জনাইছে। আলোচনাৰ অন্তত প্ৰাৰ্থীসকলৰ নাম দিল্লীলৈ প্ৰেৰণ কৰা হৈছে বুলি শ্ৰী কলিতাই জানিবলৈ দিয়ে। তেওঁ কয় যে ৰাজ্য সভাৰ আসন দুখনৰ বাবে প্রার্থিত্ব প্ৰদানৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সমিতি আৰু সংসদীয় ব’র্ডে সিদ্ধান্ত ল’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।