ডাউনলোড
মোবাইল এপ

android apple
signal

জম্মু-কাশ্মীৰৰ পহলগাম সন্ত্রাসবাদী আক্রমণ সন্দৰ্ভত কিছুসংখ্যক কংগ্ৰেছ নেতাই কৰা বিতর্কিত মন্তব্যক বিজেপিৰ গৰিহণা

জম্মু-কাশ্মীৰৰ পহলগাম সন্ত্রাসবাদী আক্রমণ সন্দৰ্ভত কিছুসংখ্যক কংগ্ৰেছ নেতাই কৰা বিতর্কিত মন্তব্যক বিজেপিয়ে গৰিহণা দিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত জ্যেষ্ঠ বিজেপি নেতা ৰবিশংকৰ প্ৰসাদে কয়, যে এই আক্ৰমণৰ ভুক্তভোগীসকলে দাবী কৰাৰ দৰে সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ ধৰ্ম সোধা নাছিল বুলি কিছু সংখ্যক কংগ্ৰেছ নেতাই মন্তব্য কৰিছে। তেওঁ লগতে কয়, যে জ্যেষ্ঠ কংগ্ৰেছ নেতা মণিশংকৰ আয়াৰেও আমি এতিয়াও দেশ বিভাজনৰ প্ৰতিফল ভোগ কৰি আছো বুলি মন্তব্য কৰিছে। শ্ৰীপ্ৰসাদে এনেধৰণৰ বক্তব্যসমূহক অসংবেদনশীল বুলি অভিহিত কৰি দেশৰ একতা শক্তিশালী কৰি ৰখাৰ স্বাৰ্থত এনে ধৰণৰ নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কংগ্ৰেছ দলৰ মুৰববীক দাবী জনায়। তেওঁ কয়, যে সমগ্র দেশে একেলগে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঠিয় দিয়াৰ সময়ত বিৰোধী পক্ষৰ কিছুসংখ্যক নেতাৰ এনে মন্তব্যই দেশৰ ভাৱমুৰ্তি বিনস্ত কৰে। সমগ্ৰ বিশ্বই এই আক্ৰমণৰ নিন্দা কৰিছে বুলি উল্লেখ কৰি শ্ৰীপ্ৰসাদে কয়, যে ইয়াৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰতকৈও কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে।

অধিক পঢ়ক

সকলো চাওক