ডাউনলোড
মোবাইল এপ

android apple
signal

পশ্চিমবংগত অসামাজিক কাম-কাজ বৃদ্ধি হৈছে বুলি শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছক সমালোচনা বিজেপিৰ

ভাৰতীয় জনতা পাৰ্টীয়ে আজি পশ্চিমবংগৰ শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছক সমালোচনা কৰি কয় যে ৰাজ্যখনত অসামাজিক কাম-কাজ বৃদ্ধি হৈছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত দলৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই তৃণমূল কংগ্ৰেছৰ মুৰব্বী আৰু পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে সংবিধান আৰু ইয়াৰ মূল্যক বিশ্বাস নকৰে বুলি অভিযোগ তোলে। মমতা বেনাৰ্জীয়ে অসামাজিক কাম-কাজৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই বুলিও অভিযোগ কৰে। শ্ৰী ভাটিয়াই কয় যে উত্তৰ দিনাজপুৰৰ ৰাজহুৱা স্থানত এহাল পুৰুষ-মহিলাক শাৰীৰিকভাৱে নিৰ্যাতন চলোৱাৰ ঘটনাই ইয়াক প্ৰমাণিত কৰে। এই ক্ষেত্ৰত কংগ্ৰেছৰ নেতা মল্লিকার্জুন খাৰ্গে, ছোনিয়া গান্ধী, ৰাহুল গান্ধী আদিয়ে কিয় মৌনতা অৱলম্বন কৰিছে, সেই বিষয়েও তেওঁ প্ৰশ্ন কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।