কংগ্রেছে সংবিধান প্রণেতা ড° বি আৰ আম্বেদকাৰক সদায়েই অপমান কৰি আহিছে বুলি বিজেপিৰ অভিযোগ

ভাৰতীয় জনতা পাৰ্টীয়ে আজি পুনৰ মুখ্য বিৰোধী দল কংগ্রেছে সংবিধান প্রণেতা ড° বি আৰ আম্বেদকাৰক সদায়েই অপমান কৰি আহিছে বুলি অভিযোগ কৰে। নতুন দিল্লীত আজি সাংবাদিকৰ আগত জ্যেষ্ঠ দলীয় নেতা ৰবিশংকৰ প্ৰসাদে কয়, যে কংগ্ৰেছে ১৯৫২ চনৰ লোকসভা নিৰ্বাচন আৰু পাছত ১৯৫৪ চনৰ উপ-নির্বাচনত ড° আম্বেদকাৰৰ পৰাজয় নিশ্চিত কৰিছিল। ড° আম্বেদকাৰক জৱাহৰলাল নেহৰু চৰকাৰৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হৈছিল বুলি অভিযোগ কৰি জ্যেষ্ঠ নেতাগৰাকীয়ে কয়, যে নেহৰুৰ শাসনকালত তেওঁক ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰাও হোৱা নাছিল। ড° আম্বেদকাৰৰ পদত্যাগ পত্ৰৰ কথা উল্লেখ কৰি শ্ৰীপ্ৰসাদে লগতে কয়, যে কংগ্ৰেছে সংবিধান প্রণেতাগৰাকীৰ নামত কোনো ধৰণৰ স্মাৰক নিৰ্মাণ নকৰিলে। ভাৰতীয় সংবিধান প্রণয়ন কৰাৰ বাবেও কংগ্ৰেছে তেওঁৰ প্ৰতি কোনো সন্মান নিদিলে বুলি বিজেপি নেতাগৰাকীয়ে মত প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে কংগ্ৰেছে বাবা চাহেবৰ অপমান কৰাৰ বাবে ক্ষমা খোজা উচিত।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।