ডাউনলোড
মোবাইল এপ

android apple
signal

September 9, 2025 8:45 PM | BJP office

printer

বাসুগাঁৱত বিজেপিৰ নিৰ্বাচনী কার্যালয় মুকলি

আসন্ন বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে বিটিআৰৰ জিলা কেইখনত ব্যাপক প্ৰচাৰ চলাই আছে। একেদৰে জিলা প্ৰশাসনসমূহেও নির্বাচনী দায়িত্বত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণকে ধৰি অন্যান্য প্ৰস্তুতি অব্যাহত ৰাখিছে।

চিৰাং জিলাৰ সাতটা পৰিষদীয় সমষ্টিটে ৰাজনৈতিক দলসমূহে প্ৰচাৰ চলাইছে। বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা প্রাক্তন সাংসদ পল্লৱ লোচন দাসে আজি বাসুগাঁৱত বিজেপিৰ নিৰ্বাচনী কার্যালয় মুকলি কৰে। অনুষ্ঠানত ১৩ নম্বৰ চিৰাং পৰিষদীয় সমষ্টিৰ দলীয় প্রার্থী সৌমথৌৰ ব্ৰহ্মকে ধৰি স্থানীয় নেতাসকল উপস্থিতি থাকে।

বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ আৰকৰাত আজি বি পি এফ দলৰ ব্যাপক নির্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হৈ যায়। পৰিষদীয় সমষ্টিটোৰ বিপিএফ প্রার্থী চৌগমচাৰ বড়োৰ হৈ কৰা প্ৰচাৰত কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশগ্রহণ কৰে।

বিটিআৰৰ অন্তৰ্গত তামুলপুৰ, কোকৰাঝাৰ আৰু ওদালগুৰি জিলাতো বিজেপি, কংগ্ৰেছ, ইউপিপিএল, বিপিএফকে ধৰি দলসমূহে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। এইবাৰৰ নিৰ্বাচনত বিজেপিয়েও শক্তিশালী প্রতিদ্বন্দ্বিতা আগবঢ়াইছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দৰং জিলা ভ্রমণকালত সাংবাদিকৰ আগত প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।