ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 14, 2025 8:32 PM | Bihar

printer

বিহাৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণ সম্পন্ন কৰাক লৈ কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ অভিযোগ

নিৰ্বাচন আয়োগে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণ সম্পন্ন কৰাক লৈ কংগ্ৰেছে দ্বৈত স্থিতি গ্ৰহণ কৰা বুলি বিজেপিয়ে অভিযোগ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা গজেন্দ্ৰ সিং শেখাৱতে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাংবিধানিক সংস্থাসমূহৰ সত্যনিষ্ঠতা সন্দৰ্ভত প্রশ্ন উত্থাপন কৰা আৰু এই বিষয়ত জনসাধাৰণক বিপথে পৰিচালিত কৰা বুলি অভিযোগ কৰে। শ্ৰী শেখাৱতে লগতে কংগ্ৰেছে ক্ষমতালৈ অহাৰ বাবে বিভিন্ন সময়ত অনৈতিক পদ্ধতি অৱলম্বন কৰা বুলি অভিযোগ কৰি কয়, যে ১৯৫২ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৭৪ হাজাৰ ভোট অবৈধ বুলি ঘোষণা কৰি ড০ বি আৰ আম্বেদকাৰক জয়লাভত বাধা প্ৰদান কৰিছিল।