ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 6, 2025 8:02 PM | BJP

printer

বিৰোধী দলৰ কেইবাগৰাকীও সদস্যৰ আজি ভাৰতীয় জনতা পাৰ্টীত অনুষ্ঠানিক যোগদান

আম আদমী পাৰ্টীৰ হৈ গুৱাহাটী পৌৰ নিগমলৈ নিৰ্বাচিত পাৰিষদ মাছুমা বেগম, অসম গণ পৰিষদৰ পৰা নিৰ্বাচিত পাৰিষদ কল্পনা দাস, কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক প্রাঞ্জল কলিতা, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জনজাতীয় কোষৰ সাধাৰণ সম্পাদিকা অঞ্জলি ব্রহ্মকে ধৰি বিৰোধী দলৰ কেইবাগৰাকীও সদস্যই আজি ভাৰতীয় জনতা পাৰ্টীত অনুষ্ঠানিকভাৱে যোগদান কৰিছে। আজি ভাৰতীয় জনতা পাৰ্টীৰ বশিষ্ঠস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়- বাজপেয়ী ভৱনত আয়োজিত এটা অনুষ্ঠানত অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াই তেওঁলোকক দলটোত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰে। এইসকলৰ লগতে কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ আন কেইবাজনো সদস্যই ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰে বুলি বিজেপিৰ নেতা তথা অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰে। আজিৰ এই অনুষ্ঠানত বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু, গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াও উপস্থিত আছিল। উল্লেখযোগ্য যে ৬০-জনীয়া গুৱাহাটী পৌৰ নিগমত এতিয়া এজনো বিৰোধী সদস্য নাথাকিল ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।