মহিলাৰ সুৰক্ষা আৰু অধিকাৰ বিষয়ত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত আজি কামৰূপ জিলাত বিশ্বাস যাত্ৰা উলিওৱা হয়। কামৰূপ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা উলিওৱা বিশ্বাস যাত্ৰাৰ কাৰ্যসূচী জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই উদ্বোধন কৰে। অনুষ্ঠানত অংশ লৈ অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাই জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলৰ সৈতে মত-বিনিময় কৰে। কামৰূপ জিলাৰ পৰা আৰম্ভ কৰা এই বিশ্বাস যাত্ৰাত দৰং, ওদালগুৰি আৰু তামুলপুৰ জিলাক সামৰি লোৱা হ’ব বুলি মহিলা আয়োগৰ অধ্যক্ষাগৰাকীয়ে জানিবলৈ দিয়ে।
Site Admin | December 22, 2025 1:17 PM | biswas yatra
মহিলাৰ সুৰক্ষা আৰু অধিকাৰ বিষয়ত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত কামৰূপ জিলাত বিশ্বাস যাত্ৰা