বিশ্বনাথ জিলাৰ কুৰিটা স্থান আৰু নৈৰ ঘাটত সাঁতোৰা অথবা গাঁ-ধোৱাত নিষেধাজ্ঞা আৰোপ

বিশ্বনাথ জিলাৰ আয়ুক্ত তথা জিলা দুর্যোগ ব্যৱস্থাপনাৰ অধ্যক্ষই জিলাখনৰ কুৰিটা স্থান আৰু নৈৰ ঘাটত সাঁতোৰা অথবা গাঁ-ধোৱাৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে নিষেধাজ্ঞা আৰোপ কৰিছে। নিৰ্দেশনাটোত উল্লেখ কৰা অনুসৰি জিলাখনৰ বৰগাং নদীৰ টেঙাবস্তি অঞ্চল, বুৰিগাং নদীত ফতিকা শ্লুইচ গেট, ছোৱাগুৰি, ভঙা মথাউৰি, দুই নম্বৰ চালিয়াৰ অজলা সুতি বিল, বিশ্বনাথ ঘাট আদিত সাঁতোৰা আৰু গাঁ-ধোৱাত নিষেধাজ্ঞা জাৰি কৰিছে। একেদৰে হেলেম ৰাজহচক্ৰৰ অন্তৰ্গত চাৰিটা স্থানত, গহপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত ছটা স্থানত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। শেহতীয়াকৈ জিলাখনৰ বিভিন্ন স্থানত পানীত ডুবি মৃত্যু হোৱা ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি সকলো নাগৰিক আৰু দর্শনার্থীক এই নিষেধাজ্ঞা কঠোৰভাৱে পালন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।