বিশ্বনাথ জিলাৰ গহপুৰ সমজিলাৰ ভোলাগুৰি চাহ বাহিচাত নিৰ্মাণ হ’বলগীয়া ছহিদ কনকলতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা অহা ৮ নৱেম্বৰত স্থাপন কৰা হ’ব। স্থানীয় বিধায়ক উৎপল বৰাই এই কথা সদৰি কৰি কয়, যে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে এই বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাও এই অনুষ্ঠানত উপস্থিত থাকিব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে। কেন্দ্রীয় বিত্তমন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপনৰ পাছত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। বিশ্ববিদ্যালয়খনৰ বাবে ৭৩৮ বিঘা ভূমি আবণ্টন দিয়া হৈছে বুলি বিধায়ক শ্ৰী বৰাই জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে, এই বিশ্ববিদ্যালয়ত পৰম্পৰাগত বিষয়সমূহৰ উপৰি কৃত্রিম বুদ্ধিমত্তা, ৰ’বটিক বিজ্ঞান আদি বিষয়ৰ পাঠ্যক্ৰম অন্তৰ্ভূক্ত কৰা হ’ব। ইতিমধ্যে বিশ্বনাথ জিলা প্রশাসনে এই অনুষ্ঠানৰ প্ৰস্তুতি আৰম্ভ কৰিছে।