ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 6, 2025 6:45 PM | Bishwanath

printer

বিশ্বনাথ জিলাৰ বিহালীত আজি পুৱাৰ ভাগত অহা ধুমুহা-বৰষুণৰ ফলত বিস্তৰ ক্ষতি

বিশ্বনাথ জিলাৰ বিহালীৰ গাংমৌ থান অঞ্চলৰ বাঁহবাৰীৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত আজি পুৱাৰ ভাগত অহা ধুমুহা-বৰষুণৰ ফলত বিস্তৰ ক্ষতি হয়। ধুমুহাৰ ফলত কেইবাটাও পৰিয়ালৰ ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ লগতে গছ বাগৰি পৰাৰ ফলত একাধিক লোক আহত হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা এজন যুৱক আৰু এগৰাকী মহিলাক স্থানীয় ৰাইজে ততাতৈয়াকৈ চিকিৎ‍সালয়লৈ লৈ যায়। প্ৰশাসনৰ লগতে স্থানীয় সাংসদ ৰঞ্জিত দত্ত ঘটনাস্থলী পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলক ট্রেপাল, খাদ্যসামগ্রী আদি প্রয়োজনীয় সামগ্ৰী প্ৰদান কৰাৰ লগতে যাৱতীয় সকলো সুবিধা দিয়াৰ আশ্বাস দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।