ডাউনলোড
মোবাইল এপ

android apple
signal

January 9, 2025 9:02 PM | biswa bharati

printer

পূৰ্ণাংগ বিভাগৰূপে বিশ্বভাৰতীৰ অসমীয়া বিভাগলৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুমোদন

অসমবাসী আৰু অসমীয়া ভাষীৰ বাবে এটা সুখবৰ৷ অসমৰ বাহিৰত থকা উচ্চ শিক্ষানুষ্ঠানৰ অসমীয়া ভাষা-সাহিত্যৰ একমাত্ৰ বিভাগ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগটো পূৰ্ণাংগৰূপে গঢ়ি তুলিবৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে অনুমোদন জনাইছে৷ ২০১৬ চনৰেপৰা বিভাগটো পূৰ্ণাংগৰূপে গঢ়ি তোলাৰ বাবে দাবী উত্থাপন কৰি অহা হৈছিল আৰু যোৱা ৩ এপ্ৰিল (২০২৪)ত বিশ্বভাৰতীৰ তৰফৰপৰা পূৰ্ণাংগ অসমীয়া বিভাগৰ বাবে প্ৰস্তাৱ সম্বলিত বিস্তৃত প্ৰতিবেদন (DPR)  বিশ্ববিদ্যালয় অনুদান আয়োগলৈ প্ৰেৰণ কৰা হৈছিল। বিশ্বভাৰতীৰপৰা প্ৰস্তাৱিত ছটা অধ্যাপক (এটা), সহযোগী অধ্যাপক (দুটা) আৰু সহকাৰী অধ্যাপক (তিনিটা)ৰ পদৰ বিপৰীতে চাৰিটা পদত অৱশেষত অনুমোদন জনায় আয়োগে৷ ইয়াৰে এটা সহযোগী আৰু তিনিটা সহকাৰী অধ্যাপকৰ পদ৷ বিশ্ববিদ্যালয় অনুদান আয়োগে ই-মেইলযোগে আজি বিশ্বভাৰতীৰ পঞ্জীয়কক এই অনুমোদনৰ বিষয়ে অৱগত কৰে৷ এতিয়া কেন্দ্ৰীয় বিত্ত বিভাগে অনুমোদন জনালেই ৰাজ্যখনৰ বাহিৰৰ একমাত্ৰ অসমীয়া ভাষা শিক্ষাৰ বিভাগটো কাৰ্য্যকৰীভাৱে পূৰ্ণাংগ বিভাগলৈ উন্নীত হৈ উঠিব৷ ১৯৭৯ চনত এজনীয়া অধ্যাপকৰ আসনেৰে আৰম্ভ হোৱা বিভাগটোৱে আৰু চাৰি বছৰৰ পাছতে স্বৰ্ণ জয়ন্তী বৰ্ষত ভৰি দিব৷ তাৰ আগেয়ে বিশ্ববিদ্যালয় অনুদান আয়োগৰ এই সিদ্ধান্তই বিভাগটোলৈ, অসমবাসীলৈ তথা অসমীয়া ভাষাপ্ৰেমীসকললৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে৷ উল্লেখযোগ্য যে বিভাগটোক পূৰ্ণাংগ বিভাগৰূপে গঢ়ি তোলাৰ পথত বিভাগীয় একমাত্ৰ অধ্যাপক ডঃ সংগীতা শইকীয়াই যোৱা ২৬ নৱেম্বৰ (২০২৪)ত বিশ্ববিদ্যালয় অনুদান আয়োগৰ আগত অনলাইনযোগে পাৱাৰ পইণ্ট প্ৰেজেণ্টেচনৰ মাধমেৰে যুক্তি প্ৰদৰ্শন তথা বক্তব্য উপস্থাপন কৰিছিল৷

অধিক পঢ়ক

সকলো চাওক