ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ ভিন্ন প্ৰান্তত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৭সংখ্যক স্মৃতি দিৱস পালন

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৭সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়।  অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ, শোণিতপুৰ জিলা আৰু তেজপুৰ নগৰ শাখাৰ উদ্যোগত জিলাখনৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়। তেজপুৰৰ দৰং মহাবিদ্যালয়ত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত এহেজাৰতকৈও অধিক ছাত্র-ছাত্রীয়ে অংশগ্ৰহণ কৰে। তেজপুৰত থকা কলাগুৰুৰ সমাধিক্ষেত্ৰতো ৰাভা দিৱস পালন কৰা হয়। অনুষ্ঠানত তেজপুৰৰ বিধায়ক তথা কলাগুৰুৰ পুত্ৰ পৃথ্বিৰাজ ৰাভা উপস্থিত থাকে। ডিব্ৰুগড় সাহিত্য সভা, মানকটা শাখা সাহিত্য সভা, অসম গণ পৰিষদ ডিব্ৰুগড় জিলা সমিতি, অনিৰুদ্ধ দেৱ কনিষ্ঠ মহাবিদ্যালয়কে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে আজি অসমৰ জাতীয় জীৱনৰ পূৰোধা ব্যক্তিগৰাকীৰ স্মৃতিত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰে। জিলাখনত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জিলা আয়ুক্ত কাৰ্যালয়ত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়। ডিব্ৰুগড় জিলা সাংস্কৃতিক উন্নয়ন বিষয়া সুদৰ্শন বৰাই আঁত ধৰা এই দিৱসৰ কাৰ্যসূচীত জিলাখনৰ বিশিষ্ট সংগীত শিল্পী ভুৱন গগৈয়ে বৰেণ্য শিল্পীগৰাকীৰ সৃষ্টিৰাজীক আলোকপাত কৰে। চৰাইদেউ জিলাতো দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱস পালন কৰা হয়। সোণাৰীৰ ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত অনুষ্ঠানত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অংশ লয়। বিধায়কগৰাকীয়ে অসমীয়া শিল্প-সংস্কৃতিৰ ভঁৰাল চহকী কৰি যোৱা বিষ্ণু ৰাভাৰ কালজয়ী গীতসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ব্যৱস্থা ল’বলৈ যুৱচামক আহ্বান জনায়। ধেমাজিৰ বৰদলনি জ্যোতি প্রকাশ সংঘই আজি কেন্দ্রীয়ভাৱে বিষ্ণু ৰাভা দিৱস উদযাপন কৰে। দিনৰ ভাগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্রতিযোগিতা অনুষ্ঠিত কৰা হয়। বিষ্ণু ৰাভা দিৱস উপলক্ষে আজি সাংসদ বনগৌড়া নাৰ্জাৰীয়ে চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত স্থাপন কৰা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা ৰংগমঞ্চ মুকলি কৰে। জিলা প্ৰশাসন আৰু চিৰাঙৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ সহযোগত উদযাপন কৰা এই দিৱসত ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ, চিত্রাংকন আৰু ৰাভা সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদৰ উদ্যোগত বৰমোহৰা মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে এই দিৱস উদযাপন কৰা হয়। গোৱালপাৰা মহাবিদ্যালয়, নটসূর্য ফণী শৰ্মা ভৱনতো আজি এই উপলক্ষে কবিতা আবৃত্তি, চিত্রাংকন প্রতিযোগিতা, মুকলি সভা আদি অনুষ্ঠিত হয়। গুৱাহাটীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কলাক্ষেত্ৰ প্ৰাংগনত কলাগুৰু বিষ্ণু ৰাভাৰ স্মৃতিত এটা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত কলাক্ষেত্ৰৰ কৰ্মচাৰীসকলে এটা ৰাভা সংগীত একেলগে পৰিৱেশন কৰে। কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে বিষ্ণু ৰাভাৰ বিপ্লৱী দর্শন, শিল্প সাধনা আৰু বৃহত্তৰ অসমীয়া সমাজৰ প্ৰতি তেওঁৰ অমূল্য অৱদানৰ দিশত আলোকপাত কৰে। লখিমপুৰ, বাক্সা, হোজাই, বৰপেটা, ওদালগুৰি, জালুকবাৰী সমজিলাকে ধৰি প্ৰায়বোৰ ঠাইতে বিষ্ণু ৰাভা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়।

অধিক পঢ়ক

সকলো চাওক