আজি বিষ্ণু ৰাভা দিৱস; ৰাজ্য চৰকাৰৰ লগতে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ দিনজোৰা কাৰ্যসূচীৰ আয়োজন

আজি বিষ্ণু ৰাভা দিৱস। এই উপলক্ষে ৰাজ্য চৰকাৰৰ লগতে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ গভীৰ শ্রদ্ধা নিবেদন কৰিছে। মুখ্যমন্ত্রী ড০ শর্মাই আজি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত দৰং মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত ২০২৪ বৰ্ষৰ বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচীত তেওঁ অংশগ্রহণ কৰিব। এই কার্যসূচীতে বিশিষ্ট লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু চিত্রশিল্পী দুর্লভ ভট্টাচাৰ্যক ২০২৪ বৰ্ষৰ বিষ্ণুৰাভা বঁটাৰে সন্মানিত কৰা হ’ব। তদুপৰি অসমৰ কলা-সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান আগবঢ়াই অহা ৯ গৰাকী স্বনামধন্য ব্যক্তিক এটা ৰাষ্ট্ৰীয় আৰু ৮টা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰে সন্মানিত কৰা হ’ব। ২০২৩ বৰ্ষৰ ৰাষ্ট্রীয় পৰ্যায়ৰ আজানপীৰ বঁটা প্ৰবীণ চলচ্চিত্র নির্মাতা আনোৱাৰ হুছেইনক প্ৰদান কৰা হ’ব। আনহাতে, ৮টা ৰাজ্যিক পৰ্যায়ৰ বঁটাও প্ৰদান কৰা হ’ব। এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী বিমল বৰাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আজি দিনৰ ১০ বজাৰ পৰা বিষ্ণু প্ৰসাদ ৰাভাৰ গীত আৰু কবিতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আনহাতে ৰাজ্যৰ আন ঠাইৰ লগতে আজি গোৱালপাৰা জিলাতো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। গোৱালপাৰা মহাবিদ্যালয় কর্তৃপক্ষই এই উপলক্ষে আন কেইবাটাও সংগঠনৰ সহযোগত দিনজোৰা কাৰ্যসূচী ৰূপায়ণ কৰিব। একেদৰে নিখিল ৰাভা ছাত্ৰ সন্থাই কৃষ্ণাইৰ শালপাৰাত কেন্দ্রীয়ভাৱে, জিলা প্রশাসনে নটসূৰ্য ফণীশর্মা ভৱনত ৰাভা দিৱস পালন কৰিব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কাইলৈ পুৱা চাৰে ৬ বজাত তেজপুৰৰ চাৰ্ছ ফিল্ডত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে তেজপুৰ জিলা পুথিভঁৰালৰ সন্মুখত স্থাপন কৰা স্বাধীনতা সেনানী বাবু ছবিলাল উপাধ্যায়ৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে মুকলি কৰিব ৷