কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৭সংখ্যক স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি কেইবাগৰাকীও খ্যাতনামা ব্যক্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰা হয়। তিনিটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰ ভিতৰত বিশিষ্ট সংস্কৃত পণ্ডিত, গৱেষক, শিক্ষাবিদ ড০ থানেশ্বৰ শৰ্মালৈ শ্ৰীশ্ৰীমাধৱদেৱ বঁটা, বিশিষ্ট কবি সাহিত্যিক ধনেশ্বৰ ইংতিলৈ কালীচৰণ ব্ৰহ্ম বঁটা আৰু সিন্দূৰ অভিযানত শ্বহীদ হোৱা মণিপুৰৰ বীৰ জোৱান দীপক চিংগাখামলৈ বীৰ চিলাৰায় বঁটা আগবঢ়োৱা হৈছে। একেদৰে চলিত বছৰৰ ৪টা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ ভিতৰত বিশিষ্ট চিত্রশিল্পী নৰেন্দ্ৰ নাথ দাস আৰু বিশিষ্ট সত্ৰীয়া নৃত্য শিল্পী তথা গৱেষক ড০ মল্লিকা কন্দলীলৈ বিষ্ণু ৰাভা বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক সোণাৰাম শৰ্মা বুঢ়াভকতলৈ শোণিতকোঁৱৰ গজেন বৰুৱা বঁটা আৰু বিশিষ্ট শিক্ষাসেৱী তথা সমাজসেৱক যজ্ঞেশ্বৰ চেতিয়ালৈ স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা আগবঢ়োৱা হৈছে ।
Site Admin | June 20, 2025 9:04 PM | bishnu rabha award cm
বিষ্ণুপ্ৰসাদ ৰাভা দিৱসত কেইবাগৰাকীও খ্যাতনামা ব্যক্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান
