ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 15, 2024 11:47 AM | Birsa Munda

printer

স্বাধীনতা সংগ্রামী বীৰছা মুণ্ডাৰ জয়ন্তী; আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত ‘জনজাতীয় গৌৰৱ দিৱস’ৰ আয়োজন

ভাৰতৰ স্বাধীনতা সংগ্রামী বীৰছা মুণ্ডাৰ আজি জয়ন্তী। বীছা মুণ্ডাৰ জয়ন্তীৰ লগত সংগতি ৰাখি ভাৰতৰ স্বাধীনতা সংগ্ৰামত অগ্ৰণী ভূমিকা লোৱা জনজাতীয় মুক্তি যুজাৰুসকলৰ স্মৃতিত আজিৰ দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰা হয়। ৰাজ্য চৰকাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্রামত জনজাতীয় গৌৰৱ দিৱসৰ আয়োজন কৰিছে। অসম জনজাতি আৰু অনুসূচীত জাতি গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজিত অনুষ্ঠানত শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে এই কাৰ্যসূচী উদ্বোধন কৰিব।

আনহাতে এই দিৱস ২৯ খন ৰাজ্যৰ ১০০ জিলাত সমান্তৰালভাৱে অনুষ্ঠিত হ’ব। এই উপলক্ষে কামৰূপ মহানগৰৰ হাহৰা গাঁও পঞ্চায়ত জনজাতীয় গৌৰৱ দিৱস আয়োজন কৰা হৈছে।

গোৱালপাৰা জিলাতো এই দিৱসৰ লগতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত সচিবালয় প্ৰাংগণত শ্বহীদ তৰ্পণ, মাল্যাৰ্পণ আদি কাৰ্যসূচীৰে জিলাখনত জনজাতীয় গৌৰৱ দিৱস পালন কৰা হয়।