ডাউনলোড
মোবাইল এপ

android apple
signal

September 2, 2025 8:35 PM | Dr birendra kumar

printer

নতুন দিল্লীত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত শীর্ষ স্থান দখল কৰা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক অভ্যর্থনা

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ড° বীৰেন্দ্ৰ কুমাৰে আজি নতুন দিল্লীত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত শীর্ষ স্থান দখল কৰা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক অভ্যর্থনা জনায়। অনুষ্ঠানত ড° কুমাৰে শিক্ষা আৰু সামাজিক ন্যায়ৰ ক্ষেত্ৰত ভাৰত ৰত্ন সন্মানেৰে বিভূষিত ড° বি আৰ আম্বেদকাৰৰ অৱদানৰ বিষয়ে আলোকপাত কৰে। তেওঁ লগতে শিক্ষা, জলপানি আৰু কল্যাণমূলক আঁচনিৰ জৰিয়তে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অনগ্ৰসৰ সম্প্ৰদায়সমূহৰ সৱলীকৰণৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৱদ্ধতাৰ বিষয়ে দোহাৰে ।