নলবাৰী আৰক্ষীয়ে আজি বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ পাঁচজন সদস্যক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা সদস্যকেইজন হৈছে সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ সভাপতি দিলীপ বৰ্মন, সাধাৰণ সম্পাদক নৱজিত বৰ্মন আৰু সদস্য প্ৰাঞ্জল বৰ্মন, পংকজ লোচন ডেকা আৰু আচিফুৰ জামান। ষট পূজা আৰু ৰাস মহোৎসৱত সংগীত পৰিৱেশনক লৈ এছ অ’ পি জাৰি কৰাৰ অভিযোগত আৰক্ষীয়ে সদস্যকেইজনক গ্ৰেপ্তাৰ কৰে।
বৰপেটা আৰক্ষীয়েও আজি সংগঠনটোৰ তিনিজন সদস্যক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা সদস্যকেইজন হৈছে ছহিদুল বৰুৱা, লিটন আলী আৰু দিপাংকৰ তালুকদাৰ। দিপাংকৰ তালুকদাৰ সংগঠনটোৰ বৰপেটা জিলা সমিতিৰ সাংগঠনিক সম্পাদক আৰু লিটন আলী কাৰ্যালয় সম্পাদক আছিল। তিনিওজনৰ বিৰুদ্ধে বৰপেটাৰ থলুৱা আতচবাজী শিল্পৰ উদ্যোগীসকলক দাবী-ধমকি দিয়াৰ অভিযোগ উত্থাপিত হৈছিল। এই সন্দৰ্ভত বৰপেটা সদৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে।
ইপিনে ডিব্ৰুগড় আৰক্ষীয়ে আজি সংগঠনটোৰ দুজন সদস্যক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে নামৰূপৰ পৰা প্ৰাণজিৎ গগৈ আৰু টেঙাখাটৰ পৰা ৰণ্টু চেতীয়া নামৰ সদস্য দুজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।