ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 19, 2025 6:58 PM | Binashwar

printer

বীনেশ্বৰ ব্ৰহ্মৰ ২৫ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন

বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বীনেশ্বৰ ব্ৰহ্মৰ ২৫ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে আজি কোকৰাঝাৰৰ চান্দমাৰীত থকা ব্ৰহ্মৰ সমাধিস্থলীত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। বড়ো সাহিত্য সভাই বীনেশ্বৰ ব্ৰহ্ম দাতব্য ন্যাসৰ সহযোগত আয়োজন কৰা এই অনুষ্ঠানত বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰৰ্থ নাৰ্জাৰীয়ে সভাৰ পতাকা অৰ্থ উত্তোলন কৰাৰ লগতে ব্ৰহ্মৰ স্মৃতিত পুস্পার্ঘ্য্য তৰ্পন কৰে। এই উপলক্ষে শান্তিৰ প্ৰতীক বগা পাৰ চৰাই উৰুৱাই দিয়া হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত কাৰ্যসূচীত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিচি বিধায়িনী সভাৰ অধ্যক্ষ কাতিৰাম বড়ো, বিধায়ক লৰেন্স ইছলাৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বীনেশ্বৰ ব্ৰহ্মৰ সাহিত্যিক অৱদানৰ কথা সোঁৱৰণ কৰাৰ লগতে তেওঁক এগৰাকী ভৱিষ্যদর্শী নেতা বুলিও অভিহিত কৰে। আজিৰ অনুষ্ঠানত এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। উল্লেখযোগ্য যে ২০০০ চনত সশস্ত্ৰ উগ্ৰপন্থীয়ে বাসগৃহত কৰা আক্ৰমণত বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীৰ মৃত্যু হৈছিল।