ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 9, 2025 7:39 PM | BIMSTEC

printer

কাঠমাণ্ডুত আজি BIMSTEC ৰ অন্তৰ্ভুক্ত সদস্য ৰাষ্ট্ৰসমূহৰ কৃষিমন্ত্ৰী পৰ্যায়ৰ বৈঠক

নেপালৰ কাঠমাণ্ডুত আজি BIMSTEC ৰ অন্তৰ্ভুক্ত সদস্য ৰাষ্ট্ৰসমূহৰ কৃষিমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু ভূটানৰ কৃষিমন্ত্ৰী লিয়নপো য়ওনটেন ফুণ্টচ’ৱে এই বৈঠকত অংশগ্ৰহণৰ বাবে কালি সন্ধিয়া কাঠমাণ্ডুলৈ ৰাওনা হৈছে।
আজিৰ এই মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি সন্দৰ্ভত ইয়াৰ পূৰ্বে কাঠমাণ্ডুত সচিব পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল। আজিৰ বৈঠকত BIMSTEC ৰ সদস্যভুক্ত ৭ খন ৰাষ্ট্ৰৰ তিনিখনৰ কৃষিমন্ত্ৰীসকলে সোঁশৰীৰে ভাগ লোৱাৰ লগতে অন্যান্য ৰাষ্ট্ৰৰ কৃষিমন্ত্ৰীসকলে ভার্চুৱেল মাধ্যমেৰে অংশগ্ৰহণ কৰিছে। নেপালৰ কৃষি আৰু পশুধন মন্ত্ৰী ৰামনাথ অধিকাৰীয়ে এই বৈঠকত অধ্যক্ষতা কৰিছে। বৈঠকত কৃষিৰ মহত্ব আৰু প্ৰত্যাহ্বান তথা সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। ভাৰতে বিদেশী বেংকৰ বিকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে চৰকাৰে বেংকিং ক্ষেত্ৰত বৈদেশিক বিনিয়োগৰ বাবে উৎসাহ যোগাই আহিছে। লণ্ডনত অনুষ্ঠিত ভাৰত-ব্ৰিটেইন বিনিয়োগকাৰীৰ ঘূৰণীয়া মেজমেলত কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে এই কথা প্ৰকাশ কৰে। শ্ৰীমতী সীতাৰমনে বহনক্ষম অৰ্থনৈতিক বিকাশ আৰু বিনিয়োগৰ বাবে চৰকাৰে অগ্ৰাধিকাৰ দি অহাৰ কথাও উল্লেখ কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২০৩২ বৰ্ষত ভাৰত ষষ্ঠ বৃহৎ বীমা বজাৰ হোৱাৰ লক্ষ্যৰে সাজু হৈছে বুলি উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।