ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

BIMSTEC নতুন শৃংখলাটো মূলতঃ আঞ্চলিক তথা বিষয়নিষ্ঠ হৈ উঠিছেঃ ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে BIMSTEC গোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহক সাম্প্ৰতিক বিশ্বৰ প্ৰেক্ষাপটত সামগ্রিক অনিশ্চয়তা তথা অস্থিৰতাৰ বিষয়ে বিবেচনা কৰি সংগঠনটোৰ প্ৰতি অধিক অভিলাষী দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। থাইলেণ্ডৰ বেংককত BIMSTEC-ৰ মন্ত্ৰী পৰ্যায়ৰ ২০ সংখ্যক বৈঠকত ভাষণ দি ড° জয়শংকৰে কয়, যে সংগঠনটোৰ নতুন শৃংখলাটো মূলতঃ আঞ্চলিক তথা বিষয়নিষ্ঠ হৈ উঠিছে। BIMSTEC-ক ভাৰতবৰ্ষৰ পূবলৈ চোৱা, চুবুৰীয়াক অগ্ৰাধিকাৰ প্ৰদান আৰু মহা-সাগৰ দৃষ্টিভংগী-এই তিনিবিধ নীতিৰ সমাহাৰ বুলি অভিহিত কৰি তেওঁ লগতে কয়, যে এই সংগঠনটো সম্প্ৰতি দেশৰ ভাৰত-প্রশান্ত মহাসাগৰীয় দায়ৱদ্ধতাৰ পথ প্ৰদৰ্শক সদৃশ হৈ উঠিছে।
বিদেশ মন্ত্ৰীগৰাকীয়ে সদস্য ৰাষ্ট্ৰসমূহক চাইবাৰ সুৰক্ষা, সন্ত্রাসবাদ প্ৰতিৰোধী পদক্ষেপ, মানৱ সৰবৰাহ, অবৈধ নিচাযুক্ত সামগ্ৰীৰ বেহা আৰু আনুসংগিক আন বিভিন্ন গুৰুতৰ সমস্যাসমূহৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি এই সন্দৰ্ভত প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। একে সময়তে, শেহতীয়াকৈ বৃহৎ ভূমিকম্পৰ কৱলত পৰা ম্যানমাৰ আৰু থাইলেণ্ডৰ প্ৰতি ভাৰতৰ সহমর্মিতা তথা সমৰ্থনো তেওঁ ব্যক্ত কৰে। উল্লেখযোগ্য যে আজিৰ বৈঠকৰ সময়ত নৌ পৰিবহণৰ ক্ষেত্ৰত সহযোগিতা সন্দৰ্ভত BIMSTEC ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰী সকলে এখন চুক্তিত স্বাক্ষৰ কৰে।