অৰুণাচল প্ৰদেশৰ আনজাও জিলাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত অসমৰ ১৪ জন শ্রমিককে ধৰি কেইবাজনো লোকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত মন্ত্ৰী বিমল বৰাই আজি অৰুণাচলৰ লোহিত জিলাৰ উপায়ুক্ত কেছাং নুৰুপ ডামু, আৰক্ষী অধীক্ষক থোটান জাম্বা আৰু তেজুৰ 25TH ITBP কামাণ্ডেণ্টৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে লগতে আনজাওৰ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ জিলা প্ৰশাসন, সেনা আৰু এন ডি আৰ এফৰ দলে চলোৱা উদ্ধাৰ অভিযান নিৰীক্ষণ কৰে।
ইপিনে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰি নিহতসকলৰ আত্মীয়লৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। শ্ৰীমোদীয়ে প্ৰধানমন্ত্রী সাহায্য নিধিৰ অধীনত মৃতকৰ নিকটাত্মীয়লৈ ২ লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ লগতে আহতসকলৰ চিকিৎসাৰ বাবে ৫০ হাজাৰ টকাৰ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইয়েও ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মৃতকৰ পৰিয়াললৈ ৫ লাখ টকা এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে। ৰাজ্য চৰকাৰে অৰুণাচল প্ৰদেশৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকাৰ লগতে প্রয়োজনীয় সহযোগিতা আগবঢ়াইছে।