ডাউনলোড
মোবাইল এপ

android apple
signal

জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি সকলোধৰণৰ সাংস্কৃতিক অনুষ্ঠান-কাৰ্যসূচী বাতিলৰ নিৰ্দেশনা জিলা প্ৰশাসনসমূহৰ

ভাৰত আৰু পাকিস্তানৰ মাজত আক্ৰমণ-প্রত্যাক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশত বৰ্ধিত উত্তেজনাৰ মাজতে জিলা প্রশাসনসমূহে জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সকলোধৰণৰ সাংস্কৃতিক অনুষ্ঠান আৰু কাৰ্যসূচী আজিৰ পৰা বাতিল কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাজ্যত পূর্বে নির্ধাৰিত বিহুৰ সকলো অনুষ্ঠান ইমানতে সামৰণি পেলাই ঐক্য আৰু সংহতিৰ চানেকি দাঙি ধৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছিল।

শিৱসাগৰ জিলাৰ জিলা দণ্ডাধীশ আয়ুষ গাৰ্গে জিলাখনত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠান, কার্যসূচী আয়োজনৰ বাবে প্ৰদান কৰা সকলো অনুমতি প্রত্যাহাৰ কৰিছে। কাৰ্বি আংলঙৰ আয়ুক্ত নিৰলা ফাংছ’পিয়ে নির্ধাৰিত সকলো সাংস্কৃতিক অনুষ্ঠানৰ অনুমতি প্রত্যাহাৰ কৰি অনুৰূপ জাননী জাৰি কৰিছে।

কামৰূপৰ আমিনগাঁও, উত্তৰ গুৱাহাটী, চাংসাৰি, বাইহাটা চাৰিআলি, হাজোকে ধৰি কেইবা ঠাইত আজি হ’বলগীয়া বিহুৰ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক