ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 11, 2024 12:15 PM | Bihar | Hockey

printer

বিহাৰত আজিৰে পৰা ২০২৪ বৰ্ষৰ মহিলাৰ এছিয়ান হকী চেম্পিয়নছ ট্ৰফী আৰম্ভ

বিহাৰৰ ৰাজগিৰিত আজিৰে পৰা ২০২৪ বৰ্ষৰ মহিলাৰ এছিয়ান হকী চেম্পিয়নছ ট্ৰফী আৰম্ভ হ’ব। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ১০ দিনীয়া এই প্ৰতিযোগিতা মুকলি কৰিব। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত বিহাৰ ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্চালকপ্ৰধান ৰবীনন্দ্ৰন শংকৰণে কয় যে, বিহাৰত এইবাৰ প্ৰথমবাৰৰ বাবে এনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। তেওঁ কয় যে ৰাজ্য চৰকাৰখনে বিহাৰক দেশৰ পূব অংশৰ ক্ৰীড়া কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে। এই প্ৰতিযোগিতাত ভাৰতৰ বাহিৰেও চীন, জাপান, মালয়েছিয়া, কোৰিয়া আৰু থাইলেণ্ডৰ হকী দলে ভাগ লৈছে। অহা ২০ নৱেম্বৰত প্ৰতিযোগিতাৰ সামৰণি পৰিব।