বিহাৰত গ্ৰীষ্ম প্ৰৱাহৰ ফলত ২৯ গৰাকী লোকৰ মৃত্যু

বিহাৰত গ্ৰীষ্ম প্ৰৱাহৰ ফলত ২৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০০ গৰাকীতকৈ অধিক লোক ৰোগাক্ৰান্ত হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিগত ২৪ ঘণ্টাত ঔৰংগাবাদ জিলাৰ তাপমাত্রা ৪৮ ডিগ্ৰী ছেলছিয়াছ অতিক্রম কৰাৰ লগতে জিলাখনত ১২ গৰাকী লোকৰ মৃত্যু হয়। ইপিনে, ভোজপুৰ জিলাত ছগৰাকী তথা ৰোহতাছ আৰু জেহানাবাদ জিলাত চাৰিগৰাকীকৈ লোকৰ মৃত্যু হয়। আনহাতে, ৰাজ্যখনৰ বুক্সাৰ, আৰৱাল আৰু নালন্দা জিলাত এগৰাকীকৈ লোকৰ মৃত্যু হয়। জিলাকেইখনত নিৰ্বাচনী কর্তব্য সম্পন্ন কৰি থকাৰ সময়ত গ্ৰীষ্ম প্ৰৱাহৰ বাবে দুগৰাকী গৃহৰক্ষী জোৱান আৰু এগৰাকী নির্বাচনী কাম-কাজ কৰি থকা লোকৰ মৃত্যু হয়। জেহানাবাদ জিলাত ৪ গৰাকী শিক্ষকে গ্ৰীষ্ম প্ৰৱাহৰ ফলত অচেতন হৈ পৰাৰ পাছত তেওঁলোকক চিকিৎসালয়লৈ লৈ অহা হয় যদিও তেওঁলোকক মৃত ঘোষণা কৰা হয়। উল্লেখযোগ্য যে কালি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত উষ্ণতা সৰ্বাধিক ৪৭ ডিগ্ৰী পৰ্যন্ত হোৱা বুলি তথ্য প্ৰকাশ হৈছে। ৰাজ্য চৰকাৰে অহা ৮ জুনলৈকে সকলো বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ তথা শৈক্ষিক প্রতিষ্ঠান বন্ধ ঘোষণা কৰিছে। অৱশ্যে শিক্ষকসকলক কৰ্তব্যত উপস্থিত থাকিবলৈ কোৱা হৈছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি অহা ২৪ ঘণ্টাত ৰাজ্যখনৰ দক্ষিণ-পশ্চিম তথা দক্ষিণ মধ্য অংশৰ উষ্ণতা বাহাল থাকিব। অৱশ্যে যোৱা ৪৮ ঘণ্টাত ৰাজ্যখনৰ উত্তৰ আৰু পূব অংশত আগতীয়া মৌচুমী বৰষুণ হোৱা বুলি বিভাগটোৱে প্ৰকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।