সমাগত বিহাৰ বিধানসভা নিৰ্বাচনত ধন, সুৰা, ড্ৰাগছ আদিৰ সৰবৰাহ ৰোধৰ বাবে নির্বাচন আয়োগে আজি আইন বলবৎকাৰী সংস্থাসমূহৰ মুৰব্বীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। নতুন দিল্লীৰ নিৰ্বাচন সদনত অনুষ্ঠিত এই বৈঠকত মুখ্য নির্বাচনী বিষয়া জ্ঞানেশ কুমাৰৰ লগতে লগতে নির্বাচনী বিষয়া ড০ সুখবীৰ সিং সান্ধু আৰু ড০ বিবেক যোশীয়ে নির্বাচনত ব্যাঘাত আনিব পৰা ঘটনাসমূহ ৰোধৰ বাবে আইন বলবৎকাৰী সংস্থাসমূহক আগতীয়াকৈ সাজু হৈ থকাৰ পৰামৰ্শ প্রদান কৰে। আয়োগে এটা বিবৃত্তিত কয় যে সুকলমে নির্বাচনটো অনুষ্ঠিত কৰিবলৈ সংস্থাসমূহৰ প্ৰস্তুতি তথা পদক্ষেপৰ বিষয়েও আয়োগক অৱগত কৰে। আয়োগে লগতে আইন বলবৎকাৰী সংস্থাসমূহৰ সৈতে অর্থনৈতিক অপৰাধ শাখাই একত্ৰিত হৈ কাম কৰাৰো পোষকতা কৰে। সুৰা, ড্ৰাগছ, ধনৰ উপৰিও আপত্তিজনক সামগ্ৰীৰ অবৈধ সৰবৰাহ ৰোধৰ বাবে সমষ্টিসমূহৰ সীমাৰ লগতে আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ততো চোকা দৃষ্টি ৰাখিবলৈ পৰামৰ্শ দিয়ে। এই বৈঠকতে নিকা আৰু মুক্তভাৱে বিহাৰ বিধানসভা নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সংস্থা সমূহক শূন্য সহনশীল নীতিৰে কাম কৰিবলৈও নির্বাচন আয়োগে আহ্বান জনায়।
Site Admin | October 17, 2025 8:29 PM | Bihar Election
আইন বলবৎকাৰী সংস্থাসমূহৰ মুৰব্বীসকলৰ সৈতে নির্বাচন আয়োগৰ বৈঠক