ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 12, 2025 12:29 PM | Bihar Election

printer

দ্বিতীয় পৰ্যায়ৰ বিহাৰ বিধানসভা নির্বাচনৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন

দ্বিতীয় পৰ্যায়ৰ বিহাৰ বিধানসভা নির্বাচনৰ ভোটগ্রহণ কালি শান্তিপূর্ণভাৱে সম্পন্ন হয়। নির্বাচন আয়োগৰ তথ্য অনুসৰি ৬৬ দশমিক ৯-১ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। উল্লেখযোগ্য যে সর্বমুঠ ২৪৩ খন আসনৰ বাবে যোৱা ৬ নৱেম্বৰত আৰু কালি দুটা পর্যায়ত ভোটগ্রহণ সম্পন্ন হয়। মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয়, যে ১৯৫১ চনৰ পৰা অনুষ্ঠিত সকলো নিৰ্বাচনৰ ভিতৰত ২০২৫ চনৰ নিৰ্বাচনত প্রায় ৬৬ দশমিক ৯ শতাংশ অর্থাৎ সর্বাধিক সংখ্যক ভোটদাতাই নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে। এইবাৰ বিহাৰ বিধানসভা নির্বাচনত পুৰুষৰ ভোটদানৰ হাৰ ৬২ দশমিক ৮ শতাংশ আৰু মহিলাৰ ভোটদানৰ হাৰ ৭১ দশমিক ৬ শতাংশ আছিল। দুয়োটা পৰ্যায়ৰ ভোটগ্রহণ প্রক্রিয়াত কোনোধৰণৰ অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি নোহোৱাকৈ সম্পূর্ণ শান্তিপূর্ণভাবে নির্বাচন সম্পন্ন হয়। উল্লেখযোগ্য যে যোৱা ৬ নৱেম্বৰত অনুষ্ঠিত প্রথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্রহণত ৬৫ শতাংশ ভোটদান হৈছিল।

অহা ১৪ নৱেম্বৰত নির্বাচনী ফলাফল ঘোষণা কৰা হব। উল্লেখযোগ্য যে এগজিত পোলৰ সমীক্ষা অনুসৰি ৰাজ্যখনত এন ডি এ পুনৰ ক্ষমতালৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। ভোটগ্রহণ সম্পূৰ্ণ হোৱাৰ পাছত কৰা এই সমীক্ষাত এন ডি এ ২৪৩ খন আসনৰ ভিতৰত ১৩৩ৰ পৰা ১৬৭ খন দিয়া হৈছে। ইয়াৰ বিপৰীতে আৰ জে ডি আৰু কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে মাত্র ৭০ৰ পৰা ১০২ খন আসনহে লাভ কৰিব বুলি সমীক্ষাসমূহত প্রকাশ পাইছে।