November 6, 2025 8:23 PM | Bihar Election

printer

বিহাৰ বিধানসভা নির্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণৰ সামৰণি

বিহাৰ বিধানসভা নির্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণৰ সামৰণি পৰিছে। ৰাজ্যখনত এই পর্যায়ত বিয়লি ৫ বজালৈ ৬০ দশমিক ১-৩ শতাংশ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। বেগুচৰাই জিলাত সর্বাধিক ৬৭ দশমিক ৩২ শতাংশ ভোটদান হৈছে। ৰাজ্যখনৰ কেইবাগৰাকীও আগশাৰীৰ নেতাই আজি পুৱাৰ ভাগত ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে পাটনা জিলাৰ বটিয়াৰপুৰত, উপ-মুখ্যমন্ত্রী তথা তাৰাপুৰ সমষ্টিৰ বিজেপি প্রার্থী সম্রাট চৌধৰীয়ে মুংগেৰত ভোটদান কৰে। বিজেপি নেতা তথা কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰায় আৰু তেওঁৰ পত্নীয়ে হাজিপুৰত ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। একেদৰে বিকাশশীল ইনচান পাৰ্টীৰ মুৰববী তথা মহা মিত্রজোঁটৰ উপ-মুখ্যমন্ত্রী পদৰ প্রার্থী মুকেশ চাহানীয়ে দৰভংগাত ভোটদান কৰে।

প্রথম পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যখনৰ ১৮ খন জিলাৰ ১২১ টা সমষ্টি সামৰি লোৱা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।