বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সন্ধিয়া সামৰণি পৰিছে। ইয়াৰ পূৰ্বে বিভিন্ন ৰাজনৈতিক দলে ভোটাৰৰ মন জয় কৰাৰ বাবে তীব্র গতিত প্ৰচাৰ অভিযান চলায়। প্রথম পৰ্য্যায়ত ৰাজ্যখনৰ ১৮ খন জিলাৰ মুঠ ১২১ টা বিধানসভা সমষ্টিৰ বাবে অহা ৬ নবেম্বৰত ভোটগ্রহণ কৰা হ‘ব। প্রথম পৰ্য্যায়ৰ নিৰ্বাচনত এহেজাৰ ৩১৪ গৰাকী প্ৰাৰ্থীৰ ৩ কোটি ৭৫ লাখৰো অধিক ভোটদাতাই ভাগ্য নির্ণয় কৰিব। প্রথম পৰ্য্যায়ত পাটনা, দ্বাৰভাংগা, মাধেপোৰা, চাহাৰচা, মুজাফফৰপুৰ, গোপালগঞ্জ, চিবাং, চাৰণ, বৈশালী, সমষ্টিপুৰ, বেগুচৰাই, লক্ষীচৰাই, নালন্দা, বক্সাৰ, ভোজপুৰ আদি জিলাত নির্বাচন অনুষ্ঠিত হ‘ব। নির্বাচন আয়োগে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যবস্থা কটকটীয়া কৰি তুলিছে। নির্বাচন আয়োগৰ তথ্য অনুসৰি, প্রথম পৰ্য্যায়ৰ ভোটগ্রহণৰ বাবে এগৰাকী সাধাৰণ পৰ্য্যবেক্ষক প্রতিটো সমষ্টিতে নিয়োগ কৰা হ‘ব। নির্বাচনী প্ৰক্ৰিয়া প্ৰত্যক্ষ কৰাৰ বাবে ভোট কেন্দ্রসমূহত বেব কাষ্টিঙৰ ব্যৱস্থা কৰা হ‘ব। জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকসকলক কোনোধৰণৰ হিংসাত্মক ঘটনা শূণ্য সহনশীলতাৰে ৰোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। নিৰ্বাচনৰ প্রতি লক্ষ্য ৰাখি পৰ্য্যাপ্ত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নিয়োগ কৰা হৈছে।
বিজেপি, জনতা দল ইউনাইটেড, ৰাষ্ট্ৰীয় জনতা দল, কংগ্রেছ আদিকে ধৰি বিভিন্ন ৰাজনৈতিক দলে অন্তিমবাৰৰ বাবে প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে দ্বাৰভাংগাত অনুষ্ঠিত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি কয়, যে এন ডি এ ক্ষমতালৈ আহিলে ৰাজ্যখনৰ প্ৰতিখন জিলাতে কৌশল বিকাশ কেন্দ্র স্থাপন কৰা হ‘ব। তেওঁ লগতে কয়, যে প্রতিখন জিলাতে এটাকৈ নতুন কাৰখানা নিৰ্মাণ কৰা হ‘ব আৰু ৰাজ্যখনত ১০ টা ঔদ্যোগিক উদ্যান স্থাপন কৰা হ‘ব। শ্রীশ্বাহে লগতে প্রতিশ্রুতি দি কয়, যে ৰাজ্যখনত এন ডি এৰ চৰকাৰ গঠন হ‘লে উত্তৰ প্ৰদেশ আৰু তামিলনাডুৰ দৰে বিহাৰতো প্ৰতিৰক্ষা ক‘ৰিডৰ নিৰ্মাণ কৰা হ‘ব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথে বিজেপিৰ প্ৰাৰ্থীৰ হৈ দ্বাৰভাংগাত প্ৰচাৰ চলায়। ইপিনে, আৰ জে ডিৰ নেতা মিছা ভাৰতীয়ে কয়, যে মহা মিত্রজোটে ৰাজ্যখনৰ জনসাধাৰণৰ ব্যাপক সমর্থন লাভ কৰিছে। তেওঁ কয়, যে মহা মিত্রজোটে যুব প্রজন্ম, মহিলা, মুদ্রাস্ফীতি আৰু নিয়োগ সন্দৰ্ভত জনসাধাৰণক প্রতিশ্রুতি দিছে। জনতা দল ইউনাইটেডৰ সভাপতি তথা মুখ্যমন্ত্রী নীতিশ কুমাৰে চৌপালৰ ত্রিবেণীগঞ্জত এখন নির্বাচনী সভাত অংশ লৈ কয়, যে বিগত ২০ বছৰত তেওঁৰ চৰকাৰে বিশেষকৈ মহিলা সৱলীকৰণৰ দিশত অধিক গুৰুত্ব দিছে। তেওঁ কয়, যে জীৱিকা কাৰ্য্যসূচীৰ অধীনত ১ কোটি ৪০ লাখবো অধিক মহিলা আত্ম সহায়ক গোটৰ সৈতে জড়িত হৈছে। মুখ্যমন্ত্রী মহিলা ৰোজগাৰ যোজনাৰ সন্দৰ্ভত তেওঁ কয়, যে মহিলাসকলক আত্ম-নিৰ্ভৰশীল কৰি তোলাৰ বাবে ১০ হাজাৰ টকাৰ আর্থিক সাহায্য প্ৰদান কৰা হৈছে। আৰ জে ডিৰ নেতা তথা মহা মিত্রজোটৰ মুখ্যমন্ত্ৰীৰ প্রার্থী তেজস্বী যাদবে পাটনাত এখন নির্বাচনী সভাত অংশ লৈ কয়, যে যদিহে তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়, বেপাৰ মণ্ডলৰ সভাপতিসকলক ৰাজহুৱা প্ৰতিনিধিৰ মৰ্য্যাদা দিয়া হ‘ব। তেওঁ কয়, যে তেওঁলোকৰ চৰকাৰে ধান খেতিয়কসকলক প্রতি কুইণ্টল ধানত ন্যূনতম সমর্থন মূল্যৰ সৈতে ৩০০ টকা অতিৰিক্তকৈ দিয়া হ‘ব আৰু ঘেঁহু খেতিয়কসকলক ৪০০ টকাকৈ অতিৰিক্তকৈ দিয়া হ‘ব।
ৰাজ্যখনত ১১ নবেম্বৰত দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ‘ব। এই পর্য্যায়ত ২০ খন জিলাৰ ১২২ টা সমষ্টিক সামৰি লোৱা হ‘ব। ১৪ নবেম্বৰত ভোট গণনা কৰা হ‘ব। ৰাজ্যখনৰ ৭ কোটি ৪৩ লাখ ভোটাৰৰ বাবে মুঠ ৯০ হাজাৰ ৭১২ টা ভোট কেন্দ্ৰ স্থাপন কৰা হ‘ব।