বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান চূড়ান্ত পর্যায়ত উপনীত হৈছে। এন ডি এ, আৰু মহা মিত্রজোটৰ তাৰকা প্ৰচাৰকসকলে নির্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰিছে। নির্বাচনত অৱতীর্ণ হোৱা প্ৰাৰ্থীসকলৰ উপৰি ভিন ভিন ৰাজনৈতিক দলৰ নেতা-কর্মীসকলে সমদল, জনসভা আদিৰ জৰিয়তে ভোটদাতাৰ মন আকৰ্ষণৰ বাবে আপ্রাণ চেষ্টা চলাই আছে।
বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি ভোজপুৰ আৰু নাৱাৰা জিলাৰ দুখন নির্বাচনী সভাত অংশ লোৱাৰ লগতে পাটনাত আয়োজিত এটা ৰোড শ্ব‘ত ভাগ লয়। প্রায় ডেৰ কিলোমিটাৰজোৰা এই ৰোড শ্ব‘ত জনসাধাৰণে বিশেষকৈ মহিলা তথা এন ডি এৰ কৰ্মকর্তাসকলে প্রধানমন্ত্রীক আদৰণি জনায়। ইয়াৰ পাছত শ্রী মোদীয়ে পাটনাত ৰাষ্ট্ৰকবি ৰামধাৰী সিং দিনকৰৰ প্ৰতিমূর্তিত শ্রদ্ধার্ঘ্য নিবেদন কৰে।
বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে শ্বেওহৰ, চিতামাঢ়ি, আৰু মধুবাণীত ৩ খন নির্বাচনী সভাত ভাষণ দিয়ে। একেদৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে বেগুচৰাই আৰু খাগাৰীয়াত দুখন সভাত অংশগ্ৰহণ কৰি দলীয় প্রার্থীৰ হৈ প্ৰচাৰ চলায়। ইপিনে মহা মিত্রজোটৰ মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী তেজস্বী যাদবে মুংগেৰ, পাটনা, বৈশালী আৰু চৰণকে ধৰি বিভিন্ন ঠাইত ১৭ খন নির্বাচনী সভাত ভাষণ দিয়ে।