ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 27, 2025 12:17 PM | Bihar Election

printer

সমাগত বিহাৰ বিধানসভা নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ বাবে ৪৮ ঘণ্টীয়া মৌনতাৰ সময়ছোৱাত নিৰ্বাচনী বিষয় প্ৰদৰ্শন-মতামত সমীক্ষা নিষিদ্ধ

সমাগত বিহাৰ বিধানসভা নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ বাবে ৪৮ ঘণ্টীয়া মৌনতাৰ সময়ছোৱাত নিৰ্বাচনী বিষয় প্ৰদৰ্শন আৰু মতামত সমীক্ষা নিষিদ্ধ কৰাৰ বাবে নিৰ্বাচন আয়োগে সকলো প্ৰচাৰ মাধ্যম কৰ্তৃপক্ষলৈ পৰামৰ্শ জাৰি কৰিছে। আয়োগে কয়, যে টিভি, ৰেডিঅ’, চেনেল আৰু কেব’ল নেটৱৰ্কসমূহে এই কথা নিশ্চিত কৰিব লাগিব যাতে এই মাধ্যমসমূহৰ জৰিয়তে ৪৮ ঘণ্টীয়া মৌনতাৰ সময়ছোৱাত প্ৰচাৰ কৰা অনুষ্ঠানসমূহৰ বিষয়বস্তুত কোনো বিশেষ দল বা প্ৰাৰ্থীৰ বিজয় সম্ভাৱনা প্ৰচাৰ কৰা বা নিৰ্বাচনৰ ফলাফলত প্ৰভাৱ পেলাব পৰা ধৰণৰ কোনো উপাদান নাথাকে। নির্বাচন আয়োগে যোৱা ৬ অক্টোবৰত বিহাৰ বিধানসভা নিৰ্বাচন আৰু উপ-নির্বাচনৰ সময়সূচী ঘোষণা কৰিছিল। সেই অনুসৰি অহা ৬ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত এই নির্বাচন অনুষ্ঠিত হ’ব। অহা ৬ নৱেম্বৰৰ পুৱা ৭ বজাৰ পৰা ১১ নৱেম্বৰৰ সন্ধিয়া চাৰে ৬ বজাৰ ভিতৰত মতামত সমীক্ষা অনুষ্ঠিত কৰা আৰু ছপা বা বৈদ্যুতিন মাধ্যমৰ জৰিয়তে সেইসমূহ প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।