বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ দুদিন পাছত ৰাজ্যখনৰ মুখ্য নির্বাচনী বিষয়া বিনোদ সিং গুঞ্জিয়ালে পাটনাৰ ৰাজভৱনত ৰাজ্যপাল আৰিফ মহম্মদ খানক নবনির্বাচিত ২৪৩ জন প্রার্থীৰ তালিকা অর্পণ কৰে। এই তালিকাখনত এন ডি এৰ ২০২ জন, মহামিত্ৰজোঁটৰ ৩৪ জনৰ লগতে এ আই এম আই এম, ইন্ডিয়ান ইনক্লুশিভ পার্টি আৰু বহুজন সমাজ পাৰ্টিৰ আইন প্রণেতাসকলকে ধৰি সকলোবোৰ প্রার্থীৰ নাম অন্তর্ভুক্ত হৈ আছে। ইপিনে ভাৰতৰ নিৰ্বাচন আয়োগে বিধানসভা নির্বাচন আৰু উপ-নিৰ্বাচনৰ সামৰণিৰ পৰিপ্ৰেক্ষিতত বিহাৰকে ধৰি আন ছখন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ পৰা নিৰ্বাচনী আচৰণ বিধি উঠাই লৈছে। নির্বাচন আয়োগে এই সন্দর্ভত কেবিনেট সচিব, ভাৰত চৰকাৰ আৰু সংশ্লিষ্ট ৰাজ্যসমূহৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে যোৱা ১১ নৱেম্বৰত ৰাজস্থান, তেলেংগানা, উড়িশা, পাঞ্জাব, ঝাৰখণ্ড, মিজোৰাম আৰু জম্মু-কাশ্মীৰৰ ৮টা সমষ্টিত উপ-নির্বাচন অনুষ্ঠিত হৈছিল।
Site Admin | November 17, 2025 1:38 PM | Bihar
ৰাজ্যপালক নবনির্বাচিত ২৪৩ জন প্রার্থীৰ তালিকা অর্পণ বিহাৰৰ মুখ্য নির্বাচনী বিষয়াৰ