ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 4, 2025 7:53 PM | Bihar

printer

বিহাৰত নির্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগত ললন সিঙৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন

বিহাৰৰ মোকামাত নির্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগত আজি জনতা দল ইউনাইটেডৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন ওৰফে ললন সিঙৰ বিৰুদ্ধে আজি এখন এজাহাৰ পঞ্জীয়ন কৰা হয়। পাটনাৰ জিলা ন্যায়াধীশ তথা ৰিটার্ণিং বিষয়াই জাৰি কৰা এখন চৰকাৰী বিজ্ঞপ্তি অনুসৰি, তদাৰকী গোটে ৰেকৰ্ড কৰা ভি ডি অফুটেজ জিলা প্রশাসনে বিশ্লেষণ কৰাৰ পাছতেই নেতাগৰাকীৰ বিৰুদ্ধে এই ব্যৱস্থা গ্রহণ কৰা হয়।

ইয়াৰ পূৰ্বে মোকামাত ললন সিঙে দিয়া আপত্তিজনক মন্তব্যৰ বাবে তেওঁৰ বিৰুদ্ধে নির্বাচন আয়োগে এখন জাননী জাৰি কৰি ২৪ ঘণ্টাৰ ভিতৰত এই সন্দৰ্ভত তেওঁৰ প্রতিক্রিয়া বিচাৰিছিল।