ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 23, 2025 12:21 PM | Bihar Election

printer

বিহাৰ বিধানসভা নির্বাচনৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্র প্রত্যাহাৰৰ আজি অন্তিম দিন

বিহাৰ বিধানসভা নির্বাচনৰ দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্র প্রত্যাহাৰৰ আজি অন্তিম দিন। ৰাজ্যখনৰ ২০ খন জিলাৰ ১২২ বিধানসভা সমষ্টিৰ বাবে ১১ নৱেম্বৰত ভোটগ্রহণ কৰা হব। কাইমুৰ জিলাৰ মহানিয়া সমষ্টিৰ সংৰক্ষিত আসনখনৰ বাবে ৰাষ্ট্ৰীয় জনতা দলৰ প্রার্থী স্বেতা সুমনে দাখিল কৰা মনোনয়ন পত্র ইতিমধ্যে বাতিল কৰা হৈছে। প্রার্থীগৰাকীৰ অনুসূচীত জাতিৰ প্ৰমাণপত্র বৈধ বিবেচিত নোহোৱাৰ পৰিপ্ৰেক্ষিততেই তেওঁৰ মনোনয়ন পত্র বাতিল কৰা হয়। পশ্চিম চামপৰন জিলাৰ বাল্মিকী নগৰ বিধানসভা সমষ্টিৰ পৰা জন সুৰজ পাৰ্টিৰ প্রার্থী দ্রিগ নাৰায়ণ প্ৰসাদে মনোনয়ন পত্র দাখিলৰ পূৰ্বে চৰকাৰী শিক্ষক পদৰ পৰা অব্যাহতি নোলোৱাৰ বাবেই তেওঁৰ মনোনয়ন পত্রও বাতিল কৰা হৈছে। এই দুয়োটা সমষ্টিত দ্বিতীয় পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত হব।

দ্বিতীয় পর্যায়ত ৰাজ্যখনৰ সীতামাৰি, শ্বেঅহাৰ, মধুবানী, পূব চামপৰন আৰু পশ্চিম চামপৰন জিলাত ভোটগ্রহণ অনুষ্ঠিত হব। ইয়াৰ লগতে ৰোহতাছ আৰু কাইমুৰকে ধৰি শ্বাহবাদ অঞ্চলৰ কেইবাখনো জিলা আৰু মগধ অঞ্চল ঔৰঙ্গবাদ, নাৱাড়া, জেহানাবাদ আৰু আৰবালতো ভোটগ্রহণ কৰা হব। একেটা পর্যায়তে আৰাৰিয়া, কিষাণগঞ্জ, পুর্নিয়া, কাটিহাৰ, ভাগলপুৰ, বাংকা, জামুই আৰু চুপই আদি ছিমাঞ্চলৰ জিলাসমূহতো ভোটগ্রহণ কৰা হব।