ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 15, 2025 12:02 PM | Bihar

printer

বিহাৰৰ দশম জুনিয়ৰ ৰাষ্ট্ৰীয় ৰাগবী 7-S চেম্পিয়নশ্বিপ ২০২৫’ৰ খিতাপ অৰ্জন

বিহাৰে দশম জুনিয়ৰ ৰাষ্ট্ৰীয় ৰাগবী 7-S চেম্পিয়নশ্বিপ ২০২৫’ৰ খিতাপ অৰ্জন কৰিছে। দলটোৱে কালি ডেৰাডুনৰ মহাৰাণা প্রতাপ স্প’ৰ্টছ কলেজত অনুষ্ঠিত ৰোমাঞ্চকৰ ফাইনেলত যোৱাবাৰৰ বিজয়ী ওড়িশাক ১৭-১৫ গ’লত পৰাস্ত কৰি ল’ৰাৰ ১৮ বছৰ অনুৰ্ধৰ খিতাপ দখল কৰে৷

ইয়াৰ পূৰ্বে চণ্ডীগড়, হাৰিয়ানা, পঞ্জাৱ, পশ্চিমবংগ আৰু মহাৰাষ্ট্ৰ আদি শক্তিশালী দলৰ বিৰুদ্ধে চমকপ্ৰদ প্ৰদৰ্শন কৰা বিহাৰৰ দলটো সমগ্ৰ প্ৰতিযোগিতাত অপৰাজিত হৈ ৰয়। চলিত সপ্তাহতে বিহাৰে প্ৰতিযোগিতাখনৰ ছোৱালীৰ খিতাপো লাভ কৰিছিল। ২০২২ চনতো ৰাজ্যখন উভয় শাখাৰ চেম্পিয়ন হৈছিল। ইপিনে, প্রতিযোগিতাৰ তৃতীয় স্থানৰ খেলখনত মহাৰাষ্ট্ৰই তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত দিল্লীক পৰাস্ত কৰে।