গুৱাহাটীৰ শিল্পগ্রামত বিজ্ঞান অনুসন্ধানঃ শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা

ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযানৰ অধীনত সমগ্ৰ শিক্ষা অসমৰ উদ্যোগত গুৱাহাটীৰ শিল্পগ্রামত বিজ্ঞান অনুসন্ধানঃ শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই প্ৰতিযোগিতা উদ্বোধন কৰে। অসম বিজ্ঞান প্রযুক্তি আৰু পৰিৱেশ পৰিষদৰ দ্বাৰা ৰূপায়িত ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাখনত সকলো জিলাৰ মুঠ ১৩৫টা শিক্ষা খণ্ডৰ ছাত্ৰ-ছাত্ৰীয়ে ২৮২টা প্রকল্প প্ৰদৰ্শন কৰে। শিক্ষাৰ্থীসকলক বিজ্ঞানৰ ব্যৱহাৰিক জ্ঞান আহৰণৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে শিক্ষা বিভাগে প্রাথমিক আৰু মাধ্যমিক দুয়োটা পর্যায়ত কুইজ প্রতিযোগিতা, বিজ্ঞান আৰু গণিত অলিম্পিয়াড, বিজ্ঞান আৰু গণিত ক্লাব গঠন আৰু শিশু বিজ্ঞান সমাৰোহৰ আয়োজন কৰি আহিছে। এইবাৰৰ প্ৰতিযোগিতাৰ বিষয়বস্তু হৈছে- বহনক্ষম উন্নয়নৰ বাবে পৰম্পৰাগত জ্ঞান ব্যৱস্থা। শিক্ষামন্ত্রী ডাঃ পেগুৱে ছাত্ৰ-ছাত্ৰীসকলক পৰম্পৰাগত অনুশীলনসমূহক বৈজ্ঞানিক দৃষ্টিভংগীৰে পৰ্যবেক্ষণ কৰাৰ উপৰি পৰিবেশ অনুকূল বিজ্ঞান সাধনাৰে নিজৰ তথা দেশৰ বাবে উন্নত ভৱিষ্যতৰ দিশত সদায় গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।