ডাউনলোড
মোবাইল এপ

android apple
signal

September 6, 2025 7:28 PM | Bhupen hazarika

printer

বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকীৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি

  • বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকীৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি চলি আছে। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই সামাজিক মাধ্যমত প্ৰকাশ কৰা মতে, সুধাকণ্ঠৰ সংগীতৰ ছন্দত মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ জনগণৰ সুখ, দুখ, অনুভুতি জীৱনৰ বিচিত্ৰ দৃশ্য প্ৰতিফলিত হৈছিল। সেয়ে ভূপেন হাজৰিকাৰ স্মৃতিত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহনণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় অন্তর্দেশীয় জলপথ প্ৰাধিকৰণৰ সৌজন্যত এটি বিশেষ যাত্ৰাৰ আয়োজন কৰা হৈছে। শদিয়াৰ পৰা ধুবুৰীলৈ যাবলগীয়া এই সংগীতময় যাত্ৰাই ডিব্ৰুগড়, তেজপুৰ, গুৱাহাটী আৰু যোগীঘোপা আদি ঠাই স্পৰ্শ কৰিব।

    ইপিনে, সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ এহেজাৰ শিল্পীয়ে তেওঁৰ ১৪টা গীত আৰু কবিতা পৰিৱেশন কৰিব। এই অনুষ্ঠানতে শিল্পীগৰাকীৰ এটি স্মাৰক মুদ্ৰা আৰু এখন জীৱনী গ্রন্থও উন্মোচন কৰা হ’ব। এই উপলক্ষে অহা ১৩ ছেপ্তেম্বৰত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। পৰৱৰ্তী সময়ত কলকাতা, মুম্বাই, নতুন দিল্লী আৰু অৰুণাচল প্ৰদেশকে ধৰি দেশৰ ভিন ভিন স্থানত ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ অনুষ্ঠান আয়োজন কৰা হ’ব। খানাপাৰাৰ অনুষ্ঠান উপভোগ কৰিবলৈ আগ্ৰহী লোকৰ বাবে ৰাজ্য চৰকাৰে এটা প’ৰ্টেল মুকলি কৰা হৈছে। ৮ ছেপ্তেম্বৰৰ নিশা ১২ বজাৰ ভিতৰত আগ্ৰহীসকলে এই প’ৰ্টেলত নিজৰ সবিশেষ দাখিল কৰি নাম পঞ্জীয়ন কৰিব পাৰিব ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।