ডাউনলোড
মোবাইল এপ

android apple
signal

ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ বছৰজোৰা কাৰ্যসূচী ৮ ছেপ্তেম্বৰত আৰম্ভ কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

 ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ উদযাপনৰ বছৰজোৰা কাৰ্যসূচীৰ অহা ৮ ছেপ্তেম্বৰত আৰম্ভ কৰাৰ বিষয়েও আজি মন্ত্রীসভাত সিদ্ধান্ত গ্রহণ কৰা হয়। এই অনুসৰি ৰাজ্য চৰকাৰে ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী নিয়াৰিকৈ পালন কৰিবলৈ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন ৫০ জনীয়া কমিটি গঠনৰ সিদ্ধান্ত লৈছে। এই অনুষ্ঠানৰ পৃষ্ঠপোষক হিচাপে উত্তৰ পূৱৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক আমন্ত্রণ জনোৱা হ’ব বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই উল্লেখ কৰে। দেশৰ ৰাষ্ট্ৰপতি নাইবা প্ৰধানমন্ত্ৰীৰ উপস্থিতিত শতবৰ্ষ উদযাপনৰ আৰম্ভণি আৰু সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব। শতবার্ষিকীৰ কেন্দ্ৰীয় অনুষ্ঠান গুৱাহাটী, নতুন দিল্লী, অৰুণাচল প্ৰদেশ, কলিকতা আৰু মুম্বাইত অনুষ্ঠিত হ’ব। তদুপৰি ড° ভূপেন হাজৰিকাৰ সোঁৱৰণত এটা বিশেষ আন্তগাথনি প্রকল্প নাইবা অনুষ্ঠান নিৰ্মাণ কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। বিশিষ্ট ঔপন্যাসিক, সাংবাদিক অনুৰাধা শৰ্মা পুজাৰীৰ দ্বাৰা প্রনয়ন কৰা শিল্পীগৰাকীৰ চমু জীৱনী ৰাজ্যখনৰ ১০ লাখ ব্যক্তিলৈ প্ৰেৰণ কৰা হ’ব। ভাৰতবৰ্ষৰ সকলো ভাষালৈ এই জীৱনী অনুবাদ কৰি বিভিন্ন পুথিভড়াললৈ প্ৰেৰণৰ বাবেও মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। একেদৰে শিল্পীগৰাকীৰ নামত স্মাৰক মুদ্ৰা প্ৰৱৰ্তন কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকক অনুৰোধ জনোৱাৰ বাবে মন্ত্রীসভাই সিদ্ধান্তত উপনীত হয়। বিশ্ব বৰেণ্য শিল্পীগৰাকীক জীৱন সম্বলিত তথ্য চিত্ৰ অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাত প্ৰস্তুত কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কিংবদন্তি শিল্পীগৰাকীৰ সংগীত আৰু কৰ্মজীৱন সম্পৰ্কে শিক্ষানুষ্ঠানসমূহত আলাপ আলোচনা, চৰ্চাৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যন্ত্ৰীয়ে উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক