ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 4, 2025 6:43 PM | Bhupen hazarika

printer

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাইলৈ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন

° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাইলৈ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ জিলা প্রশাসনে কাইলৈ শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত পুৱা ৯ বজাৰ পৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত সর্বধর্ম প্রার্থনা, ভূপেন্দ্র সংগীত, নৃত্যানুষ্ঠানৰ আয়োজন কৰা হব। লতাশিল খেল পথাৰত দিনৰ ১১ বজাত সুধাকণ্ঠৰ সাংস্কৃতিক অৱদান সুঁৱৰি বিশেষ কার্যসূচী অনুষ্ঠিত হব। কামৰূপ মহানগৰ জিলাৰ কাৰ্যসূচীত সাংস্কৃতিক মন্ত্রী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

কামৰূপ জিলাৰ জিলা সংহত কাৰ্যালয়ৰ সন্মুখত কাইলৈ বৰেণ্য শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যর্পণ আৰু বন্তি প্রজ্বলনেৰে কাৰ্যসূচীৰ আৰম্ভ কৰা হব। চাংসাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ড০ ভূপেন হাজৰিকাৰ মৃত্যু তিথি কেন্দ্রীয়ভাৱে পালন কৰা হব। একেদৰে কামৰূপ জিলাৰ অধীনৰ ৰঙিয়া সম-জিলা আৰু পলাশবাৰী সম-জিলাতো শিল্পীগৰাকীক স্মৰণৰ বাবে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলাখনৰ কার্যসূচীত মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব।

ৰাজ্যৰ আন আন ঠাইতো কাইলৈ ড° ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকী উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সুধাকণ্ঠৰ মৃত্যু দিন উপলক্ষে হোজাইৰ শংকৰদেৱ নগৰৰ কছাৰী ময়দানত ৫ হাজাৰতকৈ অধিক শিল্পীয়ে একেলগে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিব। আন ঠাইৰ লগতে ধুবুৰীতো জিলা প্ৰশাসনৰ উদ্যোগত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হব।

তিনিচুকীয়া জিলাত বিষ্ণু-জ্যোতি সাংস্কৃতিক সমাজে ভূপেন্দ্র সংগীত আৰু চিত্রাংকন প্রতিযোগিতাৰ আয়োজন কৰিছে। কাৰ্বি আংলং জিলাৰ ডিফু কাছা স্টেডিয়ামতো সুধাকণ্ঠৰ মৃত্যু বার্ষিকী উপলক্ষে ৫ হাজাৰ শিল্পীয়ে মানবশৃংখল কার্যসূচী অনুষ্ঠিত কৰিব। সুধাকণ্ঠৰ অমৰসৃষ্টি মানুহে মানুহৰ বাবে গীতটিৰ পৰিৱেশনেৰে হাওৰাঘাট আৰু বোকাজান মহকুমাৰ পৰা শিল্পী, জ্যেষ্ঠ নাগৰিক, ছাত্ৰ-ছাত্ৰী আৰু সাংস্কৃতিক সমাজৰ প্ৰতিনিধিৰ উপস্থিতিত এই মানবশৃংখল গঢ়ি তোলা হব।