বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে ৰাজ্যজুৰি আজি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মানৱতা আৰু সমন্বয়ৰ বাৰ্তাৰে বিশ্বৰ বুকুত সাঁচ ৰাখি থৈ যোৱা গণ শিল্পীগৰাকীৰ জন্মদিনত আজি শদিয়াৰ পৰা ধুবুৰীলৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত স্মৃতি তৰ্পন আৰু সাংস্কৃতিক অনুষ্ঠানেৰে সুধাকণ্ঠৰ জন্মশতবাৰ্ষিকীৰ উদ্বোধন কৰা হয়। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত ড° ভূপেন হাজৰিকাৰ গীতসমূহ যথাৰ্থতে সমাজৰ নিপীড়িতসকলৰ আশা-আকাংশা আৰু সাধাৰণৰ মানুহৰ সপোনৰ বাহক আছিল বুলি উল্লেখ কৰে। মানৱীয় প্ৰমূল্যৰে মহা অনুষ্ঠান সদৃশ ব্যক্তিত্বৰে ভূপেন হাজৰিকাই তেখেতৰ কৰ্মৰাজীৰ জৰিয়তে অসম ভূমিক বিশ্বৰ বুকুলৈ কঢ়িয়াই নিয়াৰ উপৰি নতুন পৰিচয়ো গঢ়ি তুলিছিল বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
অসম সাহিত্য সভাই শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে স্বীকৃতিপ্রাপ্ত ৩৩খন জিলা সাহিত্য সভা আৰু এহেজাৰখন শাখা সাহিত্য সভাৰ জৰিয়তে আজিৰেপৰা ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰিছে। ইয়াৰ উপৰি দেশে-বিদেশে থকা শাখা সাহিত্য সভাসমূহৰ উদ্যোগতো কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ।