ডাউনলোড
মোবাইল এপ

android apple
signal

September 8, 2025 12:33 PM | Bhupen da uncut

printer

সুধাকণ্ঠৰ জন্মদিনৰ লগত সংগতি ৰাখি ‘ভূপেন দা আনকাট’ নামৰ এখন তথ্যচিত্ৰ অনুৰাধা চিত্রগৃহত প্ৰদৰ্শন

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে শিল্পীগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি কালিৰেপৰা বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে কালি পুৱা জালুকবাৰী ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ পৰা এটা চাইকেল সমদল উলিওৱা হয়। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সম্পাদিকা মঞ্জুলা হাজৰিকাই এই সমদল মুকলি কৰে। শিল্পীগৰাকীৰ জীৱনক লৈ নিৰ্মাণ কৰা ‘ভূপেন দা আনকাট’ নামৰ এখন তথ্যচিত্ৰ কালি গুৱাহাটীৰ অনুৰাধা চিত্রগৃহত প্ৰদৰ্শন কৰা হয়। এই কাৰ্যসূচীত শিল্পীগৰাকীৰ পুত্ৰ তেজ হাজৰিকাৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে। সদৌ অসম ছাত্র সন্থাই সুধাকণ্ঠৰ জন্ম শতবার্ষিকী উপলক্ষে বছৰজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। এই উপলক্ষে গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰত আজি দিনৰ ১০ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত ৰাজ্যৰ প্ৰতিখন জিলাৰ মহাবিদ্যালয়সমূহৰ পৰা বাছনি কৰা শ্ৰেষ্ঠ কণ্ঠশিল্পী, বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীকে ধৰি সমবেত ৰাইজে ‘মানুহে মানুহৰ বাবে’ গীতটি পৰিৱেশন কৰিব। সন্ধিয়াৰ ভাগত শিল্পীগৰাকীৰ স্মৃতিত ১০০ গচি বন্তি প্ৰজ্বলন কৰা হ’ব। ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সৈতে সংগতি ৰাখি সদৌ অসম ছাত্ৰ সন্থাই এখন স্মাৰক গ্ৰন্থ প্ৰকাশ কৰিব ।