ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি চলি আছে। ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটকধুনীয়া ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলাৰো আয়োজন কৰা হৈছে। গ্রামাঞ্চলসমূহত জীয়ৰী বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়ণৰ বাবে পিঠা-পনা প্রস্তুতৰ আয়োজন কৰিছে। উৰুকালৈ মাজত মাথো দুদিন বাকী থকা অৱস্থাত গ্রামাঞ্চলত উখল মাখল পৰিবেশৰ সৃষ্টি হৈছে। চৰাইদেউ জিলাৰ সোণাৰীত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে। অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযান চৰাইদেউ জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত এই ভোগালী মেলাত ২৮ টা আত্মসহায়ক গোটে অংশগ্রহণ কৰিছে। ৰাজ্য চৰকাৰৰ পৰিবহন, পার্বত্য অঞ্চল উন্নয়ন আদি বিভাগৰ মন্ত্রী যোগেন মহনে ভোগালী মেলা উদ্বোধন কৰে। অনুষ্ঠানত চৰাইদেউ জিলা আযুক্ত ডাঃ নেহা যাদব, চৰাইদেউ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দীপক ভূঞা, অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযান চৰাইদেউ জিলা অভিযান পৰিচালনা শাখাৰ জিলা প্ৰকল্প প্ৰৱন্ধক গৌতম দত্তৰ লগতে কেইবাজনো বিষয়া কৰ্মচাৰী উপস্থিত থাকে।
ডিব্ৰুগড় জিলাৰ নাহৰকটিয়া সমষ্টিৰ নামৰূপ গাওঁ পঞ্চায়তৰ আত্মসহায়ক গোটসমূহৰ সহযোগত আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে। স্থানীয় বিধায়ক তৰংগ গগৈয়ে অসমী ভোগালী মেলাখন উদ্বোধন কৰে।
অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযান কামৰূপ মহানগৰ জিলাৰ উদ্যোগত উজানবজাৰৰ সতী ৰাধিকা শান্তি উদ্যানতো অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে। কাইলৈ অন্ত পৰিবলগীয়া এই মেলাত মহিলাসকলে প্রস্তুত কৰা লাৰু, পিঠা, জহা চাউল, বৰা চাউলৰ লগতে বিভিন্ন থলুৱা খাদ্য উপলব্ধ হৈছে। গুৱাহাটী মহানগৰীৰ দীঘলিপুখুৰী পাৰৰ সমীপৰ লক্ষীনাথ বৰা ক্ষেত্র, খানাপাৰা আদি স্থানতো ব্যক্তিগত অনুষ্ঠান-প্রতিষ্ঠানৰ উদ্যোগত ভোগালী মেলা অনুষ্ঠিত হৈছে।
ভোগালী বিহুৰ পূৰ্বে দৰং জিলাৰ মঙলদৈৰ জলজলি প্রাথমিক বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলক বিক্রেতা ৰূপত দেখিবলৈ পোৱা গৈছে। বজাৰ সম্পৰ্কে ব্যৱহাৰিক জ্ঞান প্ৰদানৰ লক্ষ্যৰে ভোগালীৰ খাদ্য সম্ভাৰ লৈ ছাত্র ছাত্রীসকলে বিপনী দিয়ে।
ভোগালী বিহুৰ প্ৰাকক্ষণত মাজুলীত অসমী ভোগালী মেলা ২০২৬ কালিৰে পৰা অনুষ্ঠিত হৈছে। টুনী নদীৰ পাৰত অনুষ্ঠিত এই মেলা কাইলৈ সামৰণি পৰিব। ৰাজ্যৰ আন আন প্রান্ততো ভোগালী মেলা অনুষ্ঠিত হৈছে।