অসমৰ শৈক্ষিক দিশত এক নতুন বাৰ্তাৰে বজালীৰ বানে গৰকা মেধিকুছি গাঁৱত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি কৰিব। বজালীৰ প্ৰবাদপুৰুষ তথা অসমীয়া গদ্য সাহিত্যৰ জনক, ভট্টদেৱ নামেৰে সর্বজনবিদিত বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্যৰ নামত উচৰ্গা কৰি বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ চৌহদ নতুন ৰূপত সজাই তোলা হৈছে। কাইলৈ বিয়লি ২:৩০ বজাত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই বিশ্ববিদ্যালয়খনৰ নতুন চৌহদটো মুকলি কৰিব। ১৯৫৫ চনৰ ১৬ আগষ্টত স্থাপিত পাঠশালাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বজালী মহাবিদ্যালয়ক পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰে ২০১৭ চনৰ ৭ ছেপ্টেম্বৰত গৃহীত কৰা ভট্টদেৱ বিশ্ববিদ্যালয় বিধেয়ক, ২০১৭ৰ অধীনত ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বাবে আইন প্রণয়ন কৰে আৰু ২০১৯ চনৰ ২৪ জুনত প্ৰথমগৰাকী উপাচার্যক নিযুক্তি দিয়ে। ইয়াৰ পাছতে পাঠশালাৰ পূৰ্বৰ বজালী মহাবিদ্যালয়ৰ চৌহদতে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ কাম কাজ চলি আছিল কিন্তু বিশ্ববিদ্যালয়খনৰ পৰিসৰ বৃদ্ধি কৰাৰ পৰিকল্পনাৰে পৰৱৰ্তী সময়ত পহুমাৰা নদীৰ সমীপত মেধীকুছীত বহু কেইবিঘা মাটি সামৰি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদৰ কাম আৰম্ভ কৰা হয়। প্রায় তিনিবছৰ ধৰি কাম কৰি সম্প্ৰতি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদটো নির্মাণ সম্পূৰ্ণ কৰি উলিওৱা হৈছে। মুখ্যমন্ত্রীয়ে কাইলে নতুন চৌহদ উদ্বোধন কৰিবলগীয়া সভাত মুখ্যমন্ত্ৰীৰ লগতে শিক্ষা মন্ত্রী ড° ৰণোজ পেগু, কেবেনিট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, বৰপেটা লোক সভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী আৰু ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে অংশ গ্ৰহণ কৰিব।
Site Admin | December 29, 2025 7:57 PM | Bhattadev University
অসমৰ শৈক্ষিক দিশত এক নতুন বাৰ্তাৰে মেধিকুছিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি