November 6, 2025 6:50 PM | Bhaskarjyoti Mahanta

printer

মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগ

অসমৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তই আজি পদত্যাগ কৰিছে। ৰাজ্যপাললৈ দিয়া এখন পত্রত শ্রীমহন্তই জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ভাতৃ শ্যামকানু মহন্তৰ বিৰুদ্ধে কেইবাখনো আৰ টি আই আবেদন দাখিল কৰা আৰু এই সম্পর্কীয় আপিল আবেদন তথ্য আয়োগলৈ অহাৰ পৰিপ্ৰেক্ষিতত তেওঁ পদত্যাগ কৰিছে বুলি উল্লেখ কৰে। পত্ৰখনত তেওঁ ভাতৃ শ্যামকানু মহন্তৰ নাম প্রিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে সাঙোৰ খাইছে আৰু এইক্ষেত্ৰত আৰ টি আই আবেদন দাখিলৰ বিষয়ে তেওঁ জানিব পাৰিছে। তথ্য আয়োগৰ মুৰববী হিচাপে এনে আবেদনৰ আপিল সন্দৰ্ভত কোনো ৰায় দিয়াৰ সময়ত তেওঁৰ নিৰপেক্ষতা সম্পৰ্কত কাৰোবাৰ মনত সন্দেহৰ অবকাশ থাকিব পাৰে। তথ্য আয়োগ আৰু গণতন্ত্ৰৰ উচ্চ পৰম্পৰা ৰক্ষা কৰি বিবেকৰ আহ্বানমর্মে তেওঁ পদত্যাগ কৰিছে।

উল্লেখযোগ্য যে ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া ভাস্কৰজ্যোতি মহন্তই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন উচ্চ পদত কার্যনিৰ্বাহ কৰাৰ পাছত ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানৰূপে কার্যনির্বাহ কৰিছিল। অৱসৰ গ্ৰহণৰ পাছত তেওঁক ২০২৩ চনত অসমৰ মুখ্য তথ্য আয়ুক্তৰূপে নিযুক্তি দিয়া হৈছিল।