ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 15, 2025 12:26 PM | Bhagwan Birsa Munda

printer

স্বাধীনতা সংগ্রামী তথা জনজাতীয় নেতা ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তী জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন

সমগ্র দেশে আজি স্বাধীনতা সংগ্রামী তথা জনজাতীয় নেতা ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তী জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰিছে৷ জনজাতীয় ইতিহাসক জীৱন্ত কৰি ৰখাৰ গুৰুত্ব উপলব্ধিৰ অৰ্থে চৰকাৰে ২০২১ চনৰ পৰা ১৫ নৱেম্বৰৰ দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰি আহিছে। সময়ৰ লগে লগে এয়া জনজাতীয় গৌৰৱ সপ্তাহলৈ পৰিৱৰ্তিত হৈছে আৰু দেশৰ কোনে কোনে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, প্ৰদৰ্শনী আৰু শিক্ষামূলক কাৰ্যসূচীৰে জনজাতীয় নায়ক বীৰছা মুণ্ডাৰ জীৱন আৰু কাৰ্যক জীয়াই ৰখাৰ প্ৰয়াস গ্ৰহণ কৰিছে। চৰকাৰে জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ নামত উৎসর্গীকৃত সংগ্ৰহালয় আৰু স্মাৰকসমূহৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আহিছে। এই উদ্দেশ্যে দেশৰ ১০খন ৰাজ্যত ১১টা সংগ্ৰহালয়ৰ অনুমোদন দিয়া হৈছে আৰু ইয়াৰে তিনিটা ইতিমধ্যে উন্মোচন কৰা হৈছে। এই সমূহৰ ভিতৰত ৰাচীত থকা বীৰছা মুণ্ডাৰ স্মাৰক উদ্যান আৰু সংগ্ৰহালয় অন্যতম। একেদৰে ৰায়পুৰৰ ডিজিটেল জনজাতীয় সংগ্ৰহালয়টো বীৰ নাৰায়ণ সিঙৰ নামেৰে নামকৰণ কৰা হৈছে।