ডাউনলোড
মোবাইল এপ

android apple
signal

August 18, 2025 12:59 PM | Bhada month

printer

ভাদ মাহৰ আৰম্ভণি উপলক্ষে আজিৰে পৰা হৰিনামৰ ধবনিৰে মুখৰিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহ

অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আৰম্ভণি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহ ভকত-বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধবনিৰে মুখৰিত হৈ পৰিছে। ভাদ মাহক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা আধ্যাত্মিক পৰিৱেশে অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন অধিক শক্তিশালী কৰি তোলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ পূণ্য তিথি আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ এই মাহটোক অসমবাসীয়ে অত্যন্ত পবিত্ৰ বুলি গণ্য কৰে। গোটেই মাহজুৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহ নাম প্রসংগ অনুষ্ঠিত হয়। সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ সত্ৰ নামঘৰসমূহত কালি সংক্ৰান্তিৰ দিনা ঊষা-কীৰ্তন, খোল-প্ৰসংগ, বৰগীত, গুণমালা- কীৰ্তন আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে। জিলাখনৰ ৩৩ খন সত্ৰ আৰু প্ৰায় তিনি শতাধিক নামঘৰত কালিৰে পৰা মাহজোৰা নামকীর্তনৰ আয়োজন কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা থানত ভাদ মাহ উপলক্ষে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিক শ্ৰীশ্ৰীমাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা নামঘৰত কালি সন্ধিয়াৰে পৰা পৱিত্ৰ ভাদ মাহত চাৰি প্ৰসংগীয়া পাল নাম অনুষ্ঠিত হৈছে। ভাদ মাহ উপলক্ষে ঢেকীয়াখোৱা নামঘৰত অগণন ভক্তক আদৰিবৰ বাবে নামঘৰ পৰিচালনা সমিতি সাজু হৈ উঠিছে। তদুপৰি ভক্তসকলৰ সুবিধাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষীৰ লগতে স্বেচ্ছাসেৱীসকলে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰীৰ নামঘৰ সমূহতো আই মাতৃসকলে ভাদ মাহৰ নাম পৰিৱেশনৰ বাবে সাজু হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।