May 20, 2025 1:08 PM | BEE day

printer

আজি বিশ্ব মৌমাখি দিৱস

আজি বিশ্ব মৌমাখি দিৱস। পৰিস্থিতি তন্ত্ৰৰ সমতা ৰক্ষাৰ উদ্দেশ্যে উদ্ভিদৰ পৰাগযোগত মৌমাখিৰ ভূমিক সন্দৰ্ভত সজাগতা সৃষ্টিৰ লক্ষ্য আগত ৰাখি এই দিৱস পালন কৰা হয়। ২০১৭ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে প্ৰথমবাৰলৈ বিশ্ব মৌমাখি দিৱস পালনৰ দিহা কৰিছিল।

মাজুলীৰ মুদৈবিল গাঁৱৰ ভীমকান্ত শ‍ইকীয়াই মৌ-পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। বিগত ২০ বছৰ ধৰি মৌ পালন কৰি অহা শ‍ইকীয়া হৈছে মাজুলীৰ প্ৰথমগৰাকী তথা একমাত্র মৌপালক। নিজৰ বাৰীত ওলোৱা এবাহ মৌৰে ঘৰতে সাজি লোৱা এটা বাকচত মৌপালন আৰম্ভ কৰা শ‍ইকীয়া সম্প্ৰতি ৪০ বাহ মৌৰ গৰাকী।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।