ডাউনলোড
মোবাইল এপ

android apple
signal

হায়দৰাবাদত পহলগামৰ ঘটনাত নিহতসকললৈ শ্ৰদ্ধাৰ্ঘ্য বি চি চি আইৰ

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে (বি চি চি আই) কালি হায়দৰাবাদত অনুষ্ঠিত মুম্বাই ইণ্ডিয়ানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজৰ আই পি এল খেলখনৰ সময়ত পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। খেলখন আৰম্ভ হোৱাৰ পূৰ্বে নিহত লোকসকলৰ আত্মাৰ সদ্‌গতি কামনা কৰি ১ মিনিট মৌনতা অৱলম্বন কৰা হয়। দুয়োটা দলৰ অধিনায়কে এই ভয়াৱহ আক্রমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। খেলখনত খেলুৱৈ, ধাৰাভাস্যকাৰ আৰু সহযোগী কর্মীসকলে বাহুত ক’লা বেজ পৰিধান কৰে। ধাৰাভাস্যকাৰ দলে এই মৌন শ্রদ্ধাঞ্জলিৰ বিষয়ে উল্লেখ কৰি সমগ্ৰ ৰাষ্ট্ৰৰ সৈতে দুখ ভগাই লয়। বি চি চি আয়ে নিহত লোকসকলৰ সন্মানাৰ্থে খেলখনৰ সময়ত কোনো ধৰণৰ আতচবাজি নুফুটোৱা, সংগীত আৰু চিয়াৰ লীডাৰ অবিহনে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। বি চি চি আইৰ সচিব দেৱজিত শ‍ইকীয়াই কয় যে সমগ্র ক্রিকেট জগতে এই আক্রমণক গৰিহণা দিছে। তেওঁ লগতে এই আক্ৰমণত নিহত লোকসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷

অধিক পঢ়ক

সকলো চাওক