May 24, 2025 6:31 PM | BCCI

printer

সমাগত ইংলেণ্ড ভ্রমণসূচীৰ বাবে ভাৰতৰ টেষ্ট দল ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে আজি সমাগত ইংলেণ্ড ভ্রমণসূচীৰ বাবে ভাৰতৰ টেষ্ট দলটো ঘোষণা কৰিছে। শুভমন গিল নেতৃত্বাধীন জাতীয় দলটোত ছাই সুদর্শন নতুন মুখ হিচাপে স্থান লাভ কৰিছে। আনহাতে দীৰ্ঘদিনৰ মূৰত জাতীয় টেষ্ট দলত কৰুণ নায়াৰে স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। উইকেট ৰক্ষক-বেটাৰ ঋষভ পণ্টক উপ-অধিনায়ক হিচাপে ৰাষ্ট্ৰীয় নির্বাচক মণ্ডলীয়ে নিযুক্তি দিছে। দলটোত ছাই সুদৰ্শন, কৰুণ নায়াৰৰ লগতে পেচ বলাৰ অশ্বদীপ সিং, বেটাৰ অভিমন্যু ইশ্বৰণে সুযোগ লাভ কৰিছে। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অৱসৰৰ পাছত ভাৰতীয় টেষ্ট ক্ৰিকেটৰ এটা নতুন যুগ আৰম্ভ হব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে অহা ২০ জুনৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ টেষ্ট ক্রিকেট শৃংখলা অনুষ্ঠিত হব।